• Home
  • »
  • News
  • »
  • sports
  • »
  • T20 Cricket in Guwahati : গুৱাহাটীত ক্ৰিকেট জ্বৰ, সাজু বৰ্ষাপাৰা ষ্টেডিয়াম, খেল উপভোগ কৰিব এইসকল প্ৰাক্তন ক্ৰিকেটাৰেও

T20 Cricket in Guwahati : গুৱাহাটীত ক্ৰিকেট জ্বৰ, সাজু বৰ্ষাপাৰা ষ্টেডিয়াম, খেল উপভোগ কৰিব এইসকল প্ৰাক্তন ক্ৰিকেটাৰেও

গুৱাহাটীত উপস্থিত টীম ইন্ডিয়াৰ সমৰ্থক শচীন ভক্ত সুধীৰ গৌতমো।

গুৱাহাটীত উপস্থিত টীম ইন্ডিয়াৰ সমৰ্থক শচীন ভক্ত সুধীৰ গৌতমো।

গুৱাহাটীত উপস্থিত টীম ইন্ডিয়াৰ সমৰ্থক শচীন ভক্ত সুধীৰ গৌতমো।

  • Share this:
২ অক্টোবৰৰ টি–২০ খেলৰ বাবে প্ৰায় সাজু বৰ্ষাপাৰা ষ্টেডিয়াম। প্ৰায় ৪২ হাজাৰ দৰ্শকে প্ৰত্যক্ষ কৰিব এই খেল। আঠখনকৈ প্ৰৱেশ দ্বাৰেৰে সোমাব পাৰিব বৰ্ষাপাৰা ষ্টেডিয়ামত। সাজু কৰা হৈছে ১৮টা অত্যাধুনিক শীত–তাপ নিয়ন্ত্ৰিত বক্স।

বিচিচিআইৰ সম্পাদক তথা আইচিচি সদস্য জয় শ্বাহ অতিথি হিচাপে উপস্থিত থাকিব। ইয়াৰ লগতে ধাৰাভাষ্যকাৰ হিচাপে গুৱাহাটীলৈ আহিব সুনীল গাভাস্কাৰ,
ৰবি শাস্ত্ৰী, আকাশ চোপ্ৰা, মুৰুলী কাৰ্তিক, সঞ্জয় মাঞ্জেকাৰ।

গুৱাহাটীলৈ আহিব টীম ইন্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰ। আনহাতে, দক্ষিণ আফ্ৰিকাৰ মুখ্য প্ৰশিক্ষক হ'ল মাৰ্ক বাউছাৰ। দক্ষিণ আফ্ৰিকা আৰু দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিক ইতিমধ্যে উপস্থিত গুৱাহাটীত। গুৱাহাটীত উপস্থিত টীম ইন্ডিয়াৰ সমৰ্থক শচীন ভক্ত সুধীৰ গৌতমো।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি