মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Dinesh Karthik: অভিষেকৰ ১৫ বছৰ পিছত প্ৰথমটো অৰ্ধশতক কৰিলে দিনেশ কাৰ্তিকে, জানক সবিশেষ

Dinesh Karthik: অভিষেকৰ ১৫ বছৰ পিছত প্ৰথমটো অৰ্ধশতক কৰিলে দিনেশ কাৰ্তিকে, জানক সবিশেষ

Dinesh Karthik: টিম ইণ্ডিয়ালৈ ঘূৰি অহাৰ পাছত নিৰ্বাচক আৰু অনুৰাগীসকলে আশা কৰিছিল যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত কাৰ্তিকে আই পি এলৰ প্ৰদৰ্শন পুনৰাবৃত্তি কৰিব।

  • Share this:
IPL 2022ত কৰা শক্তিশালী বেটিঙৰ বলত দীনেশ কাৰ্তিকে (Dinesh Karthik) সকলোকে নিজৰ প্ৰশংসক কৰি তুলিছিল। এই প্ৰদৰ্শনৰ আধাৰত ৩ বছৰৰ পাছত পুনৰ টীম ইণ্ডিয়ালৈ ঘূৰি আহিছিল কাৰ্তিক। টিম ইণ্ডিয়া (Team India)লৈ ঘূৰি অহাৰ পাছত নিৰ্বাচক আৰু অনুৰাগীসকলে আশা কৰিছিল যে দক্ষিণ আফ্ৰিকা (South Africa)ৰ বিৰুদ্ধে শৃংখলাত কাৰ্তিকে আই পি এলৰ প্ৰদৰ্শন পুনৰাবৃত্তি কৰিব। কাৰ্তিকেও নিজৰ অনুৰাগীক নিৰাশ কৰা নাছিল আৰু দক্ষিণ আফ্ৰিকা (India Vs South Africa)ৰ বিৰুদ্ধেও শৃংখলাটোত নিজৰ আই পি এলৰ ফৰ্ম বজাই ৰাখিছিল।

১৫ বছৰত প্ৰথমটো ৫০
১৫ বছৰ পূৰ্বে ২০০৭ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচ খেলিছিল দীনেশ কাৰ্তিকে। ইয়াৰ মাজতে তেওঁ বহুবাৰ ভাৰতীয় দলৰ হৈ খেলিছে আৰু বিফল হৈ বাদ পৰিছে। এই মেচৰ পূৰ্বে খেলা ৩৫ খন টি-২০ মেচত তেওঁৰ কোনো অৰ্ধশতক নাছিল। যদিও কাৰ্তিকে নিজৰ চুটি কিন্তু ফলপ্ৰসূ ইনিংছেৰে ভাৰতৰ হৈ বহু মেচ জয় কৰিছে। তেওঁৰ প্ৰথমখন মেচতো তেওঁ ২৮টা বলত ৩১ ৰানৰ ইনিংছৰ বাবে ‘মেন অৱ দ্য মেচ’ৰ সন্মান লাভ কৰে। টি-২০ত ভাৰতৰ হৈ মেন অৱ দ্য মেচৰ সন্মান লাভ কৰা প্ৰথমজন খেলুৱৈ।

টি-২০ত অৰ্ধশতক কৰা আটাইতকৈ বয়সস্থ ভাৰতীয় খেলুৱৈ

৩৭ বছৰ ১৬ দিনৰ বয়সত কাৰ্তিকে এই অৰ্ধশতক অৰ্জন কৰিছে। এই ইনিংছৰ জৰিয়তে তেওঁ ভাৰতৰ হৈ টি-২০ত ৫০ ৰাণ কৰা আটাইতকৈ বয়সস্থ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত চতুৰ্থ টি-২০ত কাৰ্তিকে প্ৰচণ্ড বেটিং কৰি টীম ইণ্ডিয়াক প্ৰত্যাহ্বানজনক স্ক’ৰলৈ লৈ যায়।

২৭টা বলত ৫৫ ৰানৰ ধুমুহাময় ইনিংছ খেলি কাৰ্তিকে ভাৰতৰ স্ক’ৰ ১৬৯লৈ বৃদ্ধি কৰে।

শেহতীয়া বাতৰি