• Home
  • »
  • News
  • »
  • sports
  • »
  • Indian Team For T20 WC 2022: দুজন খেলুৱৈয়ে এই বছৰ আত্মপ্ৰকাশ কৰিছিল ৰাষ্ট্ৰীয় দলত আৰু টিকট কাটিলে টি-২০ বিশ্বকাপৰ ...

Indian Team For T20 WC 2022: দুজন খেলুৱৈয়ে এই বছৰ আত্মপ্ৰকাশ কৰিছিল ৰাষ্ট্ৰীয় দলত আৰু টিকট কাটিলে টি-২০ বিশ্বকাপৰ ...

Indian Team For T20 World Cup 2022: এনে দুজন খেলুৱৈয়েও স্থান লাভ কৰিছে, যিয়ে এই বছৰ টি-২০ত আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁলোক দুয়োজনে টি-২০ বিশ্বকাপৰ টিকট কাটিছিল। এই দুজন খেলুৱৈ কোন সেয়া জনাওঁ।

  • Share this:
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) আগন্তুক টি-২০ বিশ্বকাপ ২০২০ৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। যশপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেল ৰোহিত শৰ্মাৰ অধিনায়কত্বত এই দল-লৈ উভতি আহিছে। আঘাতৰ বাবে তেওঁলোক দুয়োএছিয়া কাপত খেলিব নোৱাৰিলে। কিন্তু, এতিয়া দুয়োজন ফিট। টি-২০ বিশ্বকাপৰ বাবে নিৰ্বাচিত দলটোৰ বেছিভাগ খেলুৱৈৰ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছিল। কিছুমান ঠাইৰ বাবে নিশ্চিতভাৱে এক টাগ অফ ৱাৰ আছিল, যিটো দলটোৰ ঘোষণাৰ সৈতে সমাপ্ত হৈছিল।

এই দলটোত, এনে দুজন খেলুৱৈয়েও স্থান লাভ কৰিছে, যিয়ে এই বছৰ টি-২০ত আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁলোক দুয়োজনে টি-২০ বিশ্বকাপৰ টিকট কাটিছিল। এই দুজন খেলুৱৈ কোন সেয়া জনাওঁ।

বাওঁহাতৰ ফাষ্ট বলাৰ অৰ্শদীপ সিঙে টি-২০ বিশ্বকাপ দলত স্থান লাভ কৰিছে। তেওঁ এই বছৰৰ জুলাইত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ ত আত্মপ্ৰকাশ কৰিছিল আৰু ঠিক ৬৭ দিনপিছত তেওঁ টি-২০ বিশ্বকাপ দলত নিৰ্বাচিত হোৱাৰ ভাল খবৰ পাইছিল।

অৰ্শদীপ সিঙে এতিয়ালৈকে মাত্ৰ ১১ খন টি-২০ খেলিছে। ইয়াত, তেওঁ ২০.১৪ গড়ে মুঠ ১৪ টা উইকেট দখল কৰিছে। তেওঁৰ ইকনমী হাৰ ৭.৩৮।

দীপক হুডাও পালে স্থান
দীপক হুদাই এই বছৰৰ ফেব্ৰুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ ত আত্মপ্ৰকাশ কৰিছিল আৰু ৭ মাহত টি-২০ বিশ্বকাপ দলত নিজৰ স্থান দখল কৰিছিল। হুডাই আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত সুন্দৰ বেটিং কৰিছিল। তেওঁ তেওঁৰ তৃতীয় টি-২০ ইনিংছত এটা উজ্জ্বল শতক অৰ্জন কৰিছিল। হুডাই ৫৭ টা বলত ১০৪ ৰাণ সংগ্ৰহ কৰিছিল আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ত ৩ নম্বৰত বেটিং কৰিছিল। কিন্তু তেওঁ এছিয়া কাপত বিফল হয়।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি