உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • ক্ৰিকেটক বিদায় জনালে এবি ডিভিলিয়াৰ্ছে, IPLত আৰচিবিৰ সৈতেও শেষ কৰিলে যাত্ৰা

    ক্ৰিকেটক বিদায় জনালে এবি ডিভিলিয়াৰ্ছে, IPLত আৰচিবিৰ সৈতেও শেষ কৰিলে যাত্ৰা

    বিস্ফোৰক বেটিঙেৰে অনুৰাগীৰ হৃদয় জিনা মিষ্টাৰ ৩৬০ ডিগ্ৰীখ্যাত ক্ৰিকেটাৰগৰাকীয়ে ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্যাস লৈছিল।

    বিস্ফোৰক বেটিঙেৰে অনুৰাগীৰ হৃদয় জিনা মিষ্টাৰ ৩৬০ ডিগ্ৰীখ্যাত ক্ৰিকেটাৰগৰাকীয়ে ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্যাস লৈছিল।

    বিস্ফোৰক বেটিঙেৰে অনুৰাগীৰ হৃদয় জিনা মিষ্টাৰ ৩৬০ ডিগ্ৰীখ্যাত ক্ৰিকেটাৰগৰাকীয়ে ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্যাস লৈছিল।

    • Share this:


    দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ এবি ডিভিলিয়াৰ্ছে (AB de Villiers) ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰিছে। ডিভিলিয়াৰ্ছে আইপিএল ২০২২ত অংশগ্ৰহণ নকৰে। বিস্ফোৰক বেটিঙেৰে অনুৰাগীৰ হৃদয় জিনা মিষ্টাৰ ৩৬০ ডিগ্ৰীখ্যাত ক্ৰিকেটাৰগৰাকীয়ে ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্যাস লৈছিল। তাৰ পিছত টি–২০ লীগত অংশগ্ৰহণ কৰিছিল। আইপিএলত তেওঁ বিৰাট কোহলীৰ নেতৃত্বৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অংশ আছিল।

    তেওঁৰ সন্যাসক লৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে টুইট কৰিছে, ‘‘এটা যুগৰ অন্ত! আপোনাৰ দৰে কোনো নাই, এবি... আমি আপোনাক আৰচিবিত বহুত মিছ কৰিম। নিজৰ দল, প্ৰশংসক আৰু ক্ৰিকেটপ্ৰেমীক যি দিলে, তাৰ বাবে ধন্যবাদ এবি... ৰিটায়াৰমেণ্টৰ শুভকামনা, লেজেণ্ড।’’

    এবি ডিভিলিয়াৰ্ছে কয়, ‘‘এয়া এক অবিশ্বসনীয় যাত্ৰা, কিন্তু মই সকলো ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ সিদ্ধান্ত লৈছো। যেতিয়া মই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিলো, মই এই খেলৰ সম্পূৰ্ণ আনন্দ আৰু উৎসাহৰ সৈতে খেলিছিলো।’’

    তেওঁ কয়, ‘‘এয়া বাস্তৱ, যিটো মই স্বীকাৰ কৰিব লাগিব... আৰু এয়া হঠকাৰী যেন লাগিব পাৰে, সেইবাবে মই আজি এই ঘোষণা কৰিছো। মোৰ ওচৰত মোৰ সময় আছে। ক্ৰিকেট মোৰ বাবে অসাধাৰণভাৱে সৌভাগ্য কঢ়িয়াই আনিলে। মই প্ৰতিটো দল, সকলো প্ৰতিদ্বন্দ্বী, সকলো কোচ, সকলো ফিজিঅ’ আৰু সকলো ষ্টাফ সদস্যক ধন্যবাদ দিব বিচাৰিছো, যিসকলে এটা পথেৰে মোৰ সৈতে যাত্ৰা কৰিলে, আৰু মই দক্ষিণ আফ্ৰিকাত, ভাৰতত, য’তেই খেলিছো, মই পোৱা সমৰ্থনৰ বাবে কৃতজ্ঞ।’’

    তেওঁ আৰু কয়, ‘‘শেষত, মই জানো যে মোৰ পিতৃ–মাতৃ, মোৰ ভাতৃ, মোৰ পত্নী ডেনিয়েল আৰু মোৰ সন্তানৰ বলিদান অবিহনে এই সকলো সম্ভৱ নহ’লহেঁতেন। মই নিজৰ জীৱনৰ বাকী অধ্যায়ৰ বাবে অপেক্ষা কৰিছো, যেতিয়া মই বাস্তৱত তেওঁলোকক প্ৰথম স্থানত ৰাখিব পাৰিম।’’

    Published by:Sanjay Kumar Das
    First published: