• Home
  • »
  • News
  • »
  • sports
  • »
  • AUS vs NZ, T20 World Cup 2021: ২০১৫ৰ প্ৰতিশোধ পূৰণ কৰিব পাৰিবনে নিউজীলেণ্ডে, আজি টি২০ বিশ্বকাপৰ ফাইনেলত সন্মুখত অষ্ট্ৰেলিয়া

AUS vs NZ, T20 World Cup 2021: ২০১৫ৰ প্ৰতিশোধ পূৰণ কৰিব পাৰিবনে নিউজীলেণ্ডে, আজি টি২০ বিশ্বকাপৰ ফাইনেলত সন্মুখত অষ্ট্ৰেলিয়া

আজি টি২০ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব নিউজীলেণ্ড

আজি টি২০ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব নিউজীলেণ্ড

AUS vs NZ, T20 World Cup 2021: নিউজীলেণ্ডে বিগত কিছু সময়ত আইচিচিৰ সকলো খেলতে যথেষ্ট উন্নত প্ৰদৰ্শন কৰিছে। টেষ্ট চেম্পিয়নশ্বিপতো চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছিল নিউজীল্ণ্ডে। কিন্তু  টি২০ খেলত বিগত সময়ত অষ্ট্ৰেলিয়াৰ প্ৰদৰ্শন নিউজীলেণ্ডতকৈ কিছু উন্নত। 

  • Share this:
আজি টি২০ বিশ্বকাপ, ২০২১ (T20 World Cup 2021)ৰ ফাইনেলত নিউজীলেণ্ডৰ মুখা-মুখি হ'ব অষ্ট্ৰেলিয়া (Australia vs New Zealand)। ২০১৫ৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত মুখামুখি হৈছিল দল দুটা। ২০১৫ত নিউজীলেণ্ডক পৰাস্ত কৰি  এদিনীয়া বিশ্বকাপৰ ফাইনেলত বিজয়ী হৈছিল অষ্ট্ৰেলিয়া। এইবাৰ কেংগাৰু বাহিনীক পদানত কৰিবলৈ সৰ্বশক্তিৰে নামিব ব্লেককেপছ।

উল্লেখ্য যে নিউজীলেণ্ডে প্ৰথমবাৰৰ বাবে টি২০ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছে। আনহাতে অষ্ট্ৰেলিয়াই আজিলৈ টি২০ বিশ্বকাপৰ এটাও খিতাপ জয় কৰিব পৰা নাই। নিউজীলেণ্ডে ২০১৯তো এদিনীয়া বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল। কিন্তু ইংলিছ বাহিনীয়ে পৰাস্ত কৰি কিৱি বাহিনীৰ পৰা কাঢ়ি নিছিল বিশ্বকাপ। এইবাৰ ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি সেই পৰাজয় পোতক তুলিলেও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰতিশোধ বাকী আছে নিউজীলেণ্ডৰ। দুয়োটা দলেই প্ৰথমটো টি২০ খিতাপৰ বাবে আজি নামিব সমুখ সমৰত।

নিউজীলেণ্ডে বিগত কিছু সময়ত আইচিচিৰ সকলো খেলতে যথেষ্ট উন্নত প্ৰদৰ্শন কৰিছে। টেষ্ট চেম্পিয়নশ্বিপতো চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছিল নিউজীল্ণ্ডে। কিন্তু  টি২০ খেলত বিগত সময়ত অষ্ট্ৰেলিয়াৰ প্ৰদৰ্শন নিউজীলেণ্ডতকৈ কিছু উন্নত।

নিউজীলেণ্ডে এই বিশ্বকাপত যথেষ্ট শক্তিশালী বলিং  আক্ৰমণৰ প্ৰদৰ্শন কৰিছে। একেসময়তে ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে দৃঢ় বেটিং বিক্ৰমৰ পৰিচয় দিছিল। মাৰ্টিন গুপ্টিল, ডেৰিল মিচেল, জিমি নিশামৰ সুন্দৰ ফৰ্ম নিউজীলেণ্ডৰ শক্তি। টিম ছাউদী আৰু ট্ৰেণ্ট বোল্টৰ দৰে বলাৰ অষ্ট্ৰেলিয়াৰ বাবে হ'ব পাৰে ত্ৰাসৰ কাৰণ।
ইপিনে ডেভিড ৱাৰ্ণাৰৰ বেটিং ফৰ্ম উভতি অহাত অষ্ট্ৰেলিয়াৰ আত্মবিশ্বাস তুংগত আছে। ৱাৰ্ণাৰে দেখুৱাইছে যে বেয়া ফৰ্ম সদায় নাথাকে আৰু ভাল দিনত তেওঁ বিপক্ষৰ বাবে কিমান ভয়ংকৰ হৈ উঠিব পাৰে। আনহাতে গ্লেন মেক্সৱেল কিৱি বলাৰ বাবেও ত্ৰাসৰ কাৰণ হ'ব পাৰে। সহজে ল'ব নোৱাৰি মেথিউ ৱেড আৰু মাৰ্কাছ ষ্টোইনিছকো যি যিকোন সময়ত হৈ উঠিব পাৰে বিস্ফোৰক। ৱেডে তিনিটা বলত তিনিটা ছিক্সাৰেৰে ছেমিফাইনেলত পাকিস্তানৰ সপোন তচনচ কৰি দিছিল। আনহাতে মিচেল ষ্টাৰ্ক, পেট কামিন্স আৰু জোছ হেজলউডৰ পেচ আক্ৰমণৰ লগতে আডাম জাম্পাৰ দৰে শক্তিশালী বলাৰ আছে অষ্টেৰলিয়া দলত।

Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি