অষ্ট্ৰেলিয়া আৰু জিম্বাবোৱেৰ মাজত তিনিখন এদিনীয়া শৃংখলা সম্পূৰ্ণ হৈছে। এই সন্মানীয় শৃংখলাটোৰ অন্তিমখন খেল আজি টাউনচভিলত খেলা হৈছিল। এই খেলখনত জিম্বাবোৱেৰ দলটোৱে ৬৬ টা বল বাকী থকা অৱস্থাত তিনি উইকেটত বিজয়ী হয়। দৰাচলতে, এই খেলখনত অষ্ট্ৰেলিয়াৰ দলটোৱে টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰে আৰু ৩১ অভাৰত ১৪১ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ অপেনাৰ বেটছমেন ডেভিদ ৱাৰ্ণাৰে ৯৬ টা বলত ৯৪ ৰাণৰ যুঁজাৰু অৰ্ধশতক খেলিছিল। এই সময়ছোৱাত, তেওঁৰ বেটৰ পৰা ১৪ টা চাৰি আৰু দুটা ছয় আহিছিল।
ডেভিদ ৱাৰ্ণাৰৰ বাহিৰে আন কোনো বেটছমেন আজিৰ খেলখনত দৃঢ়তা দেখুৱাব নোৱাৰিলে। দলটোৰ হৈ দ্বিতীয় সৰ্বাধিক স্ক'ৰ আছিল অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল। তেওঁ দলটোৰ বাবে মিডল অৰ্ডাৰত ১৯ ৰাণৰ অৱদান আগবঢ়াইছিল। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা তিনিটা চাৰি আহিছিল। এই দুজন অষ্ট্ৰেলিয়ান বেটছমেনৰ বাহিৰে, আন কোনো খেলুৱৈয়ে দহকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে।
জিম্বাবোৱেই ৩৯ অভাৰত সাতটা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই দিয়া ১৪২ ৰাণৰ লক্ষ্য অৰ্জন কৰে। কেপ্টেইন ৰেগিছ চাকাবভাই দলটোৰ হৈ ৩৭ ৰাণৰ সৰ্বাধিক অপৰাজিত যুঁজাৰু ইনিংছ খেলিছিল। ইয়াৰ উপৰিও, তাদিভানাছে মাৰুমণিয়ে ৩৫ ৰাণৰ অৱদান আগবঢ়াইছিল।
আজিৰ খেলখনত জছ হেজলউডে অষ্ট্ৰেলিয়ান দলৰ হৈ তিনিটাকৈ উইকেট দখল কৰে, ইয়াৰ উপৰিও মিচেল ষ্টাৰ্ক, কেমেৰুন গ্ৰীণ, মাৰ্কাছ ষ্টইনিছ আৰু এষ্টন আগৰে ক্ৰমান্বয়ে এটাকৈ সফলতা লাভ কৰে। কিন্তু শেষ হাঁহি মাৰিবলৈ সক্ষম হয় জিম্বাবোৱে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|