মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Asia Cup 2022: ৰোহিত শৰ্মাৰ ছিক্সাৰে ছিকিউৰিটী গাৰ্ডক দিলে দুখ! কমেণ্টেটৰে ক'লে- বহু দিনলৈ তেওঁ বহিব নোৱাৰিব

Asia Cup 2022: ৰোহিত শৰ্মাৰ ছিক্সাৰে ছিকিউৰিটী গাৰ্ডক দিলে দুখ! কমেণ্টেটৰে ক'লে- বহু দিনলৈ তেওঁ বহিব নোৱাৰিব

এই গুৰুত্বপূৰ্ণ মেচখনত ৰোহিত শৰ্মাই ৪১টা বলত ৭২ ৰানৰ শক্তিশালী ইনিংছ খেলিছিল। তেওঁ নিজৰ ইনিংছত ৫টা ফোৰ আৰু ৪টা ছিক্স মাৰে।

এই গুৰুত্বপূৰ্ণ মেচখনত ৰোহিত শৰ্মাই ৪১টা বলত ৭২ ৰানৰ শক্তিশালী ইনিংছ খেলিছিল। তেওঁ নিজৰ ইনিংছত ৫টা ফোৰ আৰু ৪টা ছিক্স মাৰে।

এই গুৰুত্বপূৰ্ণ মেচখনত ৰোহিত শৰ্মাই ৪১টা বলত ৭২ ৰানৰ শক্তিশালী ইনিংছ খেলিছিল। তেওঁ নিজৰ ইনিংছত ৫টা ফোৰ আৰু ৪টা ছিক্স মাৰে।

  • Share this:
ক্ৰিকেট খেল কেৱল ৰোমাঞ্চৰ বাবেই জনপ্ৰিয় নহয়। এই খেলৰ সময়ত বহু সময়ত এনে ঘটনা ঘটে, যিবোৰ আলোচনাৰ কাৰণ হৈ পৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত এছিয়া কাপৰ মেচতো একেই ঘটিছিল। এই মেচখনত যেতিয়া ভাৰতীয় দলটো প্ৰচণ্ড চাপত পৰিছিল, তেতিয়া অধিনায়ক ৰোহিত শৰ্মাই এটা ছয় মাৰিছিল, যিটো ধাৰাভাষ্যকাৰৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছিল। আচলতে ৰোহিতৰ এই শ্বটটোৱে বাউণ্ডেৰী লাইনৰ বাহিৰত থকা নিৰাপত্তাৰক্ষীৰ এনে এটা অংশত মাৰিলে, যাৰ বাবে কমেণ্টেটৰসকলে হাঁহি বন্ধ কৰিব নোৱাৰিলে।

শ্ৰীলংকাৰ বিৰুদ্ধে মৰণপণ মেচত ভাৰতৰ আৰম্ভণি বেয়া আছিল। ১৩ ৰানত অ’পেনাৰ কে এল ৰাহুল আৰু বিৰাট কোহলীৰ উইকেট হেৰুৱাইছিল ভাৰতীয় দলটোৱে। এই চাপৰ মাজতে অধিনায়ক ৰোহিত শৰ্মাই দলক অগ্ৰগতি দিয়ে। তেওঁ সূৰ্যকুমাৰ যাদৱৰ সৈতে তৃতীয় উইকেটৰ বাবে ৯৭ ৰানৰ পাৰ্টনাৰশ্বীপ কৰি ভাৰতীয় দলক শক্তিশালী স্থিতিত উপনীত কৰোৱায়।

এই পাৰ্টনাৰশ্বিপৰ সময়ছোৱাত ৰোহিত শৰ্মাই দশম অভাৰত এনে এটা শ্বট মাৰিছিল, যিটো চৰ্চাৰ বিষয় হৈ পৰিছিল। এয়া আছিল আছিথ ফাৰ্নাণ্ডোৰ দ্বিতীয়টো অভাৰ। ৰোহিতে এই অভাৰৰ প্ৰথমটো বল মাৰে, যিটো স্কোৱাৰ লেগ বাউণ্ডেৰী পাৰ হৈ গৈছিল। তাত মোতায়েন কৰা নিৰাপত্তাৰক্ষীজনৰ কঁকালৰ তলত বলটো খুন্দা মাৰে।


ৰোহিতৰ এই শ্বটৰ পিছত কমেণ্টেটৰ সকলে কিছু সময় খেল এৰি গাৰ্ডৰ কথা ক’বলৈ ধৰিলে। প্ৰাক্তন অধিনায়ক ৰবি শাস্ত্ৰীয়ে কয় যে গাৰ্ডজনক নিশ্চয় এই বলটোৱে জোৰেৰে আঘাত কৰিছে। কিমান কষ্ট হব, ৰাতিপুৱাই গম পাব। এই বিষয়ে সতীৰ্থ মন্তব্যকাৰীয়ে ক’লে যে এতিয়া তেওঁ কেইদিনমান বহিব নোৱাৰিব।

এই গুৰুত্বপূৰ্ণ মেচখনত ৰোহিত শৰ্মাই ৪১টা বলত ৭২ ৰানৰ শক্তিশালী ইনিংছ খেলিছিল। তেওঁ নিজৰ ইনিংছত ৫টা ফোৰ আৰু ৪টা ছিক্স মাৰে। টি-২০ ইণ্টাৰনেশ্যনেলত ৰোহিতৰ এয়া ২৮ সংখ্যক অৰ্ধশতক। ক্ৰিকেটৰ এই আটাইতকৈ চুটি ফৰ্মেটতো তেওঁ ৪টা শতক অৰ্জন কৰিছে।

শেহতীয়া বাতৰি