টীম ইণ্ডিয়াই এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে। অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা আঘাতৰ বাবে টি-২০ এছিয়া কাপ (Asia Cup 2022)ৰ পৰা বাহিৰ হৈছে। জাদেজাই এতিয়ালৈকে প্ৰতিযোগিতাখনত সুন্দৰ প্ৰদৰ্শন কৰিছিল।
পাকিস্তানৰ বিৰুদ্ধে, তেওঁ ৩৫ ৰাণ সংগ্ৰহ কৰি দলটো জিকাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। হংকঙৰ বিৰুদ্ধে তেওঁ এটা ৰাণ আউট আৰু এটা উইকেট লয়। দলটোৱে গ্ৰুপ ৰাউণ্ডৰ দুয়োখন মেচ জিকি চুপাৰ-৪ ত স্থান লাভ কৰে। জাদেজাৰ ঠাইত বাওঁহাতৰ স্পিনাৰ অক্সাৰ পেটেলক দলত অন্তৰ্ভুক্ত কৰা হৈছে।
বিচিচিআইৰ সচিব জয় শ্বাহে জাৰি কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে, "ৰবীন্দ্ৰ জাদেজাৰ সোঁ আঁঠুত আঘাত লাগিছে আৰু প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।" তেওঁ বৰ্তমান বিচিচিআইৰ চিকিৎসা দলৰ তত্বাৱধানত আছে। জাদেজাই আগতে আঘাতৰ কাৰণে আই পি এল ২০২২ ৰ পৰা বঞ্চিত হৈছিল। এইটো জনা যায় যে দ্ৰুত বলাৰ জছপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেলেও আঘাতৰ বাবে প্ৰতিযোগিতাখনত খেলি থকা নাই।
Published by: Kokil Sarma
FIRST PUBLISHED : September 02, 2022, 18:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।