নিলামৰ পিছত দিল্লী কেপিটেলছৰ সহ–স্বত্বাধিকাৰী পাৰ্থ জিন্দালে টুইট কৰিছিল যে দিল্লী কেপিটেলছ আজীৱন তেওঁৰ সৈতে আছে।
নিলামৰ পিছত দিল্লী কেপিটেলছৰ সহ–স্বত্বাধিকাৰী পাৰ্থ জিন্দালে টুইট কৰিছিল যে দিল্লী কেপিটেলছ আজীৱন তেওঁৰ সৈতে আছে।
ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ লেগ স্পীনাৰ অমিত মিশ্ৰ (Amit Mishra)ক আইপিএলৰ মেগা অকচনত কোনো এটা দলেই ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে। মিশ্ৰ বিগত ছিজনত দিল্লী কেপিটেলছৰ অংশ আছিল। নিলামীত উপেক্ষিত হোৱাৰ পিছত এইগৰাকী খেলুৱৈয়ে ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছিল নিজৰ বেদনা। ৩৯ বছৰীয়া মিশ্ৰই নিজৰ বেছ প্ৰাইচ ১.৫০ কোটি টকা ৰাখিছিল। নিলামত ২০৪ গৰাকী খেলুৱৈ চুক্তিবদ্ধ হ’ল, খালী হাতে উভতিবলগীয়া হ’ল ৩৯৬জন খেলুৱৈ। অমিত মিশ্ৰই দিল্লীৰ হৈ খেলি আছিল, সেইবাবেই তেওঁ আশা কৰিছিল যে পুৰণি ফ্ৰেঞ্চাইজীয়ে তেওঁক নিশ্চয় ক্ৰয় কৰিব। কিন্তু সেয়া নহ’ল।
নিলামৰ পিছত দিল্লী কেপিটেলছৰ সহ–স্বত্বাধিকাৰী পাৰ্থ জিন্দালে টুইট কৰিছিল যে দিল্লী কেপিটেলছ আজীৱন তেওঁৰ সৈতে আছে। ইয়াৰ উত্তৰত অমিত মিশ্ৰই নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত লিখিছে, ‘দলক মই যি সেৱা দিছো, তাৰ বাবে ধন্যবাদ পাৰ্থ জিন্দাল। মই খুব সুখী। কিন্তু, মই এতিয়ালৈ শেষ হৈ যোৱা নাই। মই প্ৰয়োজনত দিল্লী কেপিটেলছৰ সৈতে সংযুক্ত হ’বলৈ সাজু আছো।’
উল্লেখযোগ্য অমিত মিশ্ৰ আইপিএলত তিনিটাকৈ হেটট্ৰিক লোৱা একমাত্ৰ বলাৰ। আইপিএলত সৰ্বাধিক উইকেট দখল কৰা স্পীনাৰ। অভাৰঅল উইকেটৰ কথা ক’বলৈ গ’লে শ্ৰীলংকাৰ লাছিথ মালিংগা আৰু ৱেষ্ট ইণ্ডিজৰ ডৱেন ব্ৰেভোৰ পিছতে তেওঁৰ নাম আহে। মিশ্ৰই আইপিএলত ১৫৪খন মেচত ১৬৬টা উইকেট দখল কৰিছে। তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন ১৭ ৰানত ৫ উইকেট।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|