• Home
  • »
  • News
  • »
  • sports
  • »
  • CWG 2022 : কমনৱেল্থ গেমছত মল্লযোদ্ধাই উৰুৱালে ত্ৰিৰংগা, এটা দিনতে ভাৰতলৈ আহিল আধা ডজন পদক

CWG 2022 : কমনৱেল্থ গেমছত মল্লযোদ্ধাই উৰুৱালে ত্ৰিৰংগা, এটা দিনতে ভাৰতলৈ আহিল আধা ডজন পদক

বজৰং পুনিয়াই আশা কৰা ধৰণেই প্ৰদৰ্শন কৰি স্বৰ্ণপদক দখল কৰে। পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত বজৰংগ পুনিয়াই কানাডাৰ এল মেকলীনক ৯–২ত পৰাস্ত কৰে।

  • Share this:
বাৰ্মিংহামত চলি থকা কমনৱেল্থ গেমছত (CWG 2022) ভাৰতীয় খেলুৱৈৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত আচে। খেলৰ অষ্টম দিনা ৫ আগষ্টত ভাৰতে ৬টা পদক দখল কৰিবলৈ সক্ষম হয়। ভাৰতীয় মল্লযোদ্ধাই তিনিটা স্বৰ্ণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক দখল কৰে। প্ৰথমে অংশু মালিকে অ’মেনছ ৫৭ কিলোগ্ৰাম শাখাত ৰূপৰ পদক দখল কৰে। ফাইনেলত অংশুৰ মুখামুখি হয় নাইজেৰিয়াৰ অ’ডুনায়’ ফোলাছাডে। কিন্তু অংশুৱে ৩–৭ৰ ব্যৱধানত পৰাস্ত হয়। কমনৱেল্থ গেমছত অ’ডুনায়’ৰ এয়া তৃতীয়টো স্বৰ্ণপদক। পৰাজয়ৰ পিছত অংশুক নিৰাশ হোৱাও দেখা যায়।

ইফালে, বজৰং পুনিয়াই আশা কৰা ধৰণেই প্ৰদৰ্শন কৰি স্বৰ্ণপদক দখল কৰে। পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত বজৰংগ পুনিয়াই কানাডাৰ এল মেকলীনক ৯–২ত পৰাস্ত কৰে। বজৰংগ পুনিয়াৰ এয়া কমনৱেল্থত দ্বিতীয়টো স্বৰ্ণপদক আৰু অভাৰঅল তৃতীয়টো পদক।

আনহাতে, সাক্ষী মালিকে অ’মেনছ ৬২ কিলোগ্ৰাম শাখাৰ ফাইনেলত কানাডাৰ এনা গোডিনেজ গোঞ্জালেজক বাই ফলৰ জৰিয়তে ৪–৪ত পৰাস্ত কৰি স্বৰ্ণ দখল কৰে। ইয়াৰ পিছতে দীপক পুনিয়াই ৮৬ কিলোগ্ৰাম কেটেগৰীত পাকিস্তানী খেলুৱৈ মহম্মদ ইনামক ৩–০ত পৰাস্ত কৰি দিনটোৰ তৃতীয়টো স্বৰ্ণপদক দখল কৰে।

ইফালে, দিব্যা কাকৰানে অ’মেনছ ফ্ৰীষ্টাইলৰ ৬৮ কিলোগ্ৰাম কেটেগৰীত ব্ৰঞ্জৰ পদক দখল কৰে। তেওঁ টোংগাৰ টাইগাৰ লিলি ককাৰ লেমালীক বাই ফলৰ জৰিয়তে ২–০ত পৰাস্ত কৰে। আনহাতে, মোহিত গ্ৰেৱালেও জামাইকাৰ এৰন জনছনক বাই ফলৰ জৰিয়তে ০–৬ত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।
Published by:Sanjay Kumar Das
First published: