ভাৰতৰ সুধীৰে কমনৱেল্থ গেমছত পেৰা পাৱাৰ লিফ্টিং ইভেণ্টত পুৰুষ হেভিৱেট ফাইনেলত নতুন অভিলেখৰ সৈতে স্বৰ্ণপদক লাভ কৰিছে। লগে লগে ইতিহাস ৰচনা কৰিলে তেওঁ। সুধীৰে কমনৱেল্থ গেমছত পেৰা পাৱাৰ লিফ্টিং ইভেণ্টত স্বৰ্ণপদক জয়ী প্ৰথমগৰাকী এথলীট। আনহাতে, লং জাম্পতো ইতিহাস সৃষ্টি কৰিলে আন এগৰাকী ভাৰতীয় খেলুৱৈয়ে। শ্ৰীশংকৰে দ্বিতীয় ভাৰতীয় এথলীট হিচাপে এই ইভেণ্টত আঁজুৰি আনিলে পদক। ইয়াৰ পূৰ্বে ১৯৭৮ চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল সুৰেশ বাবুৱে। কিন্তু প্ৰথমবাৰলৈ এই ইভেণ্টত ৰূপৰ পদক লাভ কৰিলে ভাৰতীয় খেলুৱৈয়ে।
আনহাতে, সুধীৰে নিজৰ দ্বিতীয় চেষ্টাত ২১২ কেজি ওজন দাঙি ১৩৪.৫ পইণ্টৰ সৈতে স্বৰ্ণপদক অৰ্জন কৰে। অৱশ্যে সুধীৰে নিজৰ শেষ চেষ্টাত ২১৭ কেজি উঠাব নোৱাৰিলে। নাইজেৰিয়াৰ ইকেচুকবু ক্ৰিষ্টিয়ান উবিচুকবুৱে ১৩৩.৬ পইণ্টেৰে ৰূপৰ পদক লাভ কৰে, স্কটলেণ্ডৰ মিকি ইয়ুলে ১৩০.০৯ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।