• Home
  • »
  • News
  • »
  • sports
  • »
  • CWG 2022 : পাকিস্তানৰ সাতবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়নৰ ছুলেমান বালটছৰ বিৰুদ্ধে শুকুৰবাৰে ৰিঙত নামিব অসমৰ শিৱ

CWG 2022 : পাকিস্তানৰ সাতবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়নৰ ছুলেমান বালটছৰ বিৰুদ্ধে শুকুৰবাৰে ৰিঙত নামিব অসমৰ শিৱ

বিশ্ব বক্সিঙৰ পদক বিজয়ী দুবাৰৰ অলিম্পিয়ান শিৱ থাপা অৱশ্যে অধিক আশাবাদী হৈ আছে পাকিস্তানৰ ছুলেমান বালটছৰ বিৰুদ্ধে।

বিশ্ব বক্সিঙৰ পদক বিজয়ী দুবাৰৰ অলিম্পিয়ান শিৱ থাপা অৱশ্যে অধিক আশাবাদী হৈ আছে পাকিস্তানৰ ছুলেমান বালটছৰ বিৰুদ্ধে।

বিশ্ব বক্সিঙৰ পদক বিজয়ী দুবাৰৰ অলিম্পিয়ান শিৱ থাপা অৱশ্যে অধিক আশাবাদী হৈ আছে পাকিস্তানৰ ছুলেমান বালটছৰ বিৰুদ্ধে।

  • Share this:
ইংলেণ্ডৰ বাৰ্মিংহামত আৰম্ভ হ’ল সন্মানী কমনৱেলথ গেমছ ২০২২। গেমছৰ প্ৰথম দিনা ভাৰতৰ বক্সাৰ, মহিলা ক্ৰিকেটাৰ, মহিলা হকী, টেবুল টেনিছ, স্কোৱাছ, ট্ৰাইথ্ৰেলন, লনবল, চাইক্লিং খেলত অংশ ল’ব। ইয়াৰ মাজতে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতবৰ্ষৰ তাৰকা বক্সাৰ অসমৰ শিৱ থাপালৈ। অৰ্জুন বঁটা বিজয়ী শিৱ থাপাই গেমছৰ প্ৰথম দিনাৰ শুকুৰবাৰৰ খেলত চিৰবৈৰী পাকিস্তানৰ সাতবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন আন্তঃৰাষ্ট্ৰীয় বক্সাৰ ছুলেমান বালটছৰ বিৰুদ্ধে ৬৩.৫ কেজি শাখাৰ প্ৰি–কোৱাৰ্টাৰ ফাইনেলত অংশ ল’ব।

বিশ্ব বক্সিঙৰ পদক বিজয়ী দুবাৰৰ অলিম্পিয়ান শিৱ থাপা অৱশ্যে অধিক আশাবাদী হৈ আছে পাকিস্তানৰ ছুলেমান বালটছৰ বিৰুদ্ধে। লনবলত অসমৰ নয়নমনি শইকীয়া আৰু মৃদুল বৰগোঁহাইৰো খেল আছে শুকুৰবাৰে।

সমান্তৰালভাৱে ভাৰতীয় মহিলা ক্ৰিকেট দলে গ্ৰুপ লীগৰ খেলত শক্তিশালী কেংগেৰু বাহিনীৰ মুখামুখি হ’ব। ভাৰতীয় মহিলা হকী দলে ঘানাৰ বিৰুদ্ধে খেলিব। একে ধৰনে প্ৰথম দিনটোতে চাইক্লিং, টেবুল টেনিছ, ট্ৰাইথ্ৰেলন, লনবল, স্কোৱাছ ইভেন্টত ভাৰতীয় দলৰ খেলুৱৈয়ে অংশ ল’ব।
Published by:Sanjay Kumar Das
First published: