ক্ৰমাগত দ্বিতীয় বাৰৰ কমনৱেলথ গেমছত চমকপ্ৰদ প্ৰদৰ্শন হিমা দাসৰ। বৃহস্পতিবাৰৰ হিটছত ২৩:৪২ ছেকেন্ড সময়েৰে ছেমি ফাইনেললৈ উন্নীত হোৱা হিমা দাস এতিয়া সাজু হৈছে ইতিহাস সৃষ্টিৰ বাবে। ২২ বছৰীয়া হিমা দাসে হিটছত জাম্বিয়া আৰু উগান্ডাৰ স্পৃন্টাৰক ধৰাশায়ী কৰি প্ৰথম স্থান লাভ কৰে।

২৮ জুলাইত আৰম্ভ হোৱা দ্বাবিংশতিতম কমনৱেলথ গেমছৰ ৮ আগষ্টত সামৰণি পৰিব। কমনৱেলথ দেশ সমুহৰ মাজত অনুষ্ঠিত মহাযুদ্ধৰ মহিলাৰ ব্যক্তিগত শাখাৰ ২০০মিটাৰ ইভেন্টৰ প্ৰাৰম্ভিক ৰাউন্ডত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছে আসমৰ "ধিং এক্সপ্ৰেছ " খ্যাত হিমা দাসে।
বৃহস্পতিবাৰৰ হিটছত ২৩:৪২ ছেকেন্ড সময়েৰে ছেমি ফাইনেললৈ উন্নীত হোৱা হিমা দাস এতিয়া সাজু হৈছে ইতিহাস সৃষ্টিৰ বাবে। ২২ বছৰীয়া হিমা দাসে হিটছত জাম্বিয়া আৰু উগান্ডাৰ স্পৃন্টাৰক ধৰাশায়ী কৰি প্ৰথম স্থান লাভ কৰে। ইংলেন্ডৰ সময় মতে শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হবলগীয়া ছেমি ফাইনেলৰ দ্বিতীয় খেলৰ লাইন আপত আছে হিমা দাস। হিমাৰ সৈতে একেটা গ্ৰুপতে আছে গাম্বিয়া, গুৱানা, অষ্ট্ৰেলিয়া, নামিবিয়া, উগান্ডা আৰু কেনিয়াৰ এথলীট। ছেমি ফাইনেলৰ বাবে সাজু হৈ থকা হিমা দাস যথেষ্ট আত্মবিশ্বাসী হৈ আছে কাৰন হিমাৰ এইখন কমনৱেলথ গেমছ হল একেৰাহে দ্বিতীয় খন কমনৱেলথ গেমছ। দেশবাসীৰ লগতে অসমবাসীয়েও আশাৰে বাট চাইছে হিমাৰ প্ৰদৰ্শন লৈ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|