Sonari Football Match Turned Violent : ওদালগুৰিয়ে গুৱাহাটীক ১-০ গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কিন্তু খেলৰ শেষত ৰেফাৰীৰ সিদ্ধান্তক গুৱাহাটীৰ প্ৰশিক্ষকে বিৰোধিতা কৰাক কেন্দ্ৰ কৰি মাৰপিট আৰম্ভ হয়।
Sonari Football Match Turned Violent : ওদালগুৰিয়ে গুৱাহাটীক ১-০ গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কিন্তু খেলৰ শেষত ৰেফাৰীৰ সিদ্ধান্তক গুৱাহাটীৰ প্ৰশিক্ষকে বিৰোধিতা কৰাক কেন্দ্ৰ কৰি মাৰপিট আৰম্ভ হয়।
সোণাৰিত অনুষ্ঠিত ছিনিয়ৰ ৰাজ্যিক ফুটবল প্ৰতিযোগিতাত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। গুৱাহাটী দলৰৰ খেলুৱৈ আৰু প্ৰশিক্ষকক দৰ্শকৰ মাৰপিটৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। গুৱাহাটীৰ খেলুৱৈৰ প্ৰত্যাক্ৰমণত আহত হয় সোণাৰি কেইবাগৰাকী দৰ্শক।
দৰ্শকৰ মাৰপিটত আহত হয় গুৱাহাটী দলৰ প্ৰশিক্ষক বিজয় সোণোৱাল, ফিজিঅ' কৌস্তৱ চক্ৰৱৰ্তী। একাংশই অভযোগ কৰা মতে আৰক্ষীয়েও হেনো ফুটবলাৰক মাৰপিট কৰিছে।
উল্লেখ্য যে সোণাৰিত আছিল ওদালগুৰি আৰু গুৱাহাটীৰ মাজত ছিনিয়ৰ ৰাজ্যিক ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেল। ওদালগুৰিয়ে গুৱাহাটীক ১-০ গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।
কিন্তু খেলৰ শেষত ৰেফাৰীৰ সিদ্ধান্তক গুৱাহাটীৰ প্ৰশিক্ষকে বিৰোধিতা কৰাক কেন্দ্ৰ কৰি মাৰপিট আৰম্ভ হয়। মাৰপিটৰ ঘটনাৰ আঁৰত অসম ফুটবলৰ কোষাধ্যক্ষ হীৰেন গগৈ জড়িত থকা বুলি একাংশই অভিযোগ কৰিছে। পিছত আৰক্ষী অধিক্ষকৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|