ক্ৰীড়া জগতৰ বাবে দুখৰ খবৰ। শ্বিলঙৰ ৮৩ সৰ্বভাৰতীয় টেবুল টেনিছত অংশগ্ৰহণৰ বাবে চেন্নাইৰ পৰা আহিছিল ডি বিশ্ব নামৰ ভাৰতীয় জুনিয়ৰ এক নম্বৰ স্থানৰ খেলুৱৈগৰাকী। গন্তব্য স্থান গৈ পোৱাৰ পূৰ্বে এক শোকাৱহ পথ দুৰ্ঘটনাত ইহ সংসাৰ ত্যাগ কৰে তামিলনাডুৰ ডি বিশ্বই।

গুৱাহাটীৰ পৰা শ্বিলং গৈ থকা অৱস্থাত পথ দুৰ্ঘটনাত মৃত্যু দেশৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈ ভাৰতীয় জুনিয়ৰ চেম্পিয়ন পেডলাৰ তামিলনাডুৰ ডি বিশ্বৰ। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল দেশৰ এক নম্বৰ স্থানৰ প্ৰতিভাৱান পেডলাৰ গৰাকীয়ে। মেঘালয়ৰ ৰিভয় জিলাৰ ছাংবাঙলাত পথ দুৰ্ঘটনাত মৃত্যু হয় ডি বিশ্ব নামৰ প্ৰতিভাৱান খেলুৱৈ গৰাকীৰ। ৰিভয় জিলাৰ ছাংবাঙলাৰ পথত বিপৰীত দিশৰ পৰা অহা নিয়ন্ত্ৰনহীন ১২ চকীয়া ট্ৰাকে মহতিয়াই লৈ যায় বিশ্ব থকা চাৰিচকীয়া গাড়ীখনক। খেল খেলিবলৈ আহি মৃত্যু হোৱা বিশ্বৰ মৃতদেহ সোমবাৰে চমজি লব পৰিয়ালৰ লোকে। বিশ্বৰ মৃত্যুত মেঘালয় টেবুল টেনিছ সন্থাৰ লগতে গুৱাহাটীৰ নগেন হাজৰিকা টেবুল টেনিছ ফাউন্ডেছনে গভীৰ শোকপ্ৰকাশ কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|