• Home
  • »
  • News
  • »
  • sports
  • »
  • FIFA World Cup 2022: অসম্ভৱকো কৰিলে সম্ভৱ, সুদীৰ্ঘ ৩৬ বছৰৰ পিছত ফিফা ফুটবল বিশ্বকাপ খেলিব এই দেশখনে, আনন্দৰ লহৰ

FIFA World Cup 2022: অসম্ভৱকো কৰিলে সম্ভৱ, সুদীৰ্ঘ ৩৬ বছৰৰ পিছত ফিফা ফুটবল বিশ্বকাপ খেলিব এই দেশখনে, আনন্দৰ লহৰ

জয়ৰ নায়ক আছিল চাইলে লাৰিন, টাজোন বুকানন আৰু জুনিয়ৰ হয়লেট

জয়ৰ নায়ক আছিল চাইলে লাৰিন, টাজোন বুকানন আৰু জুনিয়ৰ হয়লেট

জয়ৰ নায়ক আছিল চাইলে লাৰিন, টাজোন বুকানন আৰু জুনিয়ৰ হয়লেট

  • Share this:
৩৬ বছৰৰ পিছত ফিফা বিশ্বকাপত প্ৰৱেশ কৰিছে কানাডাই। কানাডাই জামাইকাক ৪-০ গ'লত পৰাস্ত কৰি তিনি দশকৰ অপেক্ষাৰ সমাপ্তি ঘটায়। জয়ৰ নায়ক আছিল চাইলে লাৰিন, টাজোন বুকানন আৰু জুনিয়ৰ হয়লেট, যিয়ে গ'ল কৰি দলটোক বিশ্বকাপলৈ লৈ যায়। ইয়াৰ আগতে কানাডাই ১৯৮৬ চনত বিশ্বকাপত মাত্ৰ এবাৰহে খেলিছিল।

জয়ৰ পিছত মিডফিল্ডাৰ জনাথন অ'ছ'ৰিঅ'ই কয় যে তেওঁৰ ওচৰত সুখ প্ৰকাশ কৰিবলৈ কোনো শব্দ নাই। সপোনটো সঁচা হ'ল। "আমি সকলোৱে সৰুৰে পৰা ইয়াৰ সপোন দেখিছিলোঁ আৰু কানাডিয়ান হোৱাৰ বাবে, এইটো অসম্ভৱ যেন লাগিছিল, কিন্তু আজি ই সম্ভৱ হৈ পৰিছে। এয়া এক অবিশ্বাস্য অনুভৱ।''- তেওঁ কয়।





উল্লেখ্য, কানাডাই যোৱা সপ্তাহত কোষ্টাৰিকাৰ হাতত ১–০ গ'লত পৰাস্ত হোৱাৰ পিছত সোমবাৰে জামাইকাৰ বিৰুদ্ধে খেলা খেলখনত আৰম্ভণিৰে পৰা আধিপত্য বিস্তাৰ কৰে আৰু সহজে একপক্ষীয় বিজয় লাভ কৰে। এই জয়েৰে ফিফা বিশ্বকাপত খেলাৰ (FIFA World Cup 2022) যোগ্যতা অৰ্জন কৰে কানাডাই। জামাইকা ইতিমধ্যে বিশ্বকাপত স্থান ৰখাৰ দৌৰৰ পৰা বাহিৰ হৈছে।
Published by:Gautam Barman
First published: