
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত একেলগে ছয়বাৰ পদক অৰ্জন কৰা মহাদেশখনৰে একমাত্ৰ বক্সাৰ হ'ল শিৱ থাপা। অতি কম সময়তে দুবাৰকৈ অলিম্পিক গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা শিৱ থাপাৰ অভিলেখত গৌৰৱান্বিত ভাৰতীয় বক্সিং।
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত একেলগে ছয়বাৰ পদক অৰ্জন কৰা মহাদেশখনৰে একমাত্ৰ বক্সাৰ হ'ল শিৱ থাপা। অতি কম সময়তে দুবাৰকৈ অলিম্পিক গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা শিৱ থাপাৰ অভিলেখত গৌৰৱান্বিত ভাৰতীয় বক্সিং।
এছিয়া মহাদেশৰ প্ৰথম আৰু একমাত্ৰ বক্সাৰ হ'ল অসমৰ শিৱ থাপা। এছিয়ান বক্সিঙত একেৰাহে ছয়বাৰ পদক অৰ্জনৰ অনন্য অভিলেখ স্থাপন কৰে অলিম্পিয়ান বক্সাৰ গৰাকীয়ে।
জৰ্দানৰ চলিত এছিয়ান বক্সিঙত শিৱ থাপাৰ লগতে লাভলিনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱেও ছেমি ফাইনেলত প্ৰৱেশ কৰে। অলিম্পিয়ান বক্সাৰ শিৱ থাপাই এছিয়া মহাদেশত অনন্য অভিলেখ স্থাপন কৰে। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত একেলগে ছয়বাৰ পদক অৰ্জন কৰা মহাদেশখনৰে একমাত্ৰ বক্সাৰ হ'ল শিৱ থাপা। অতি কম সময়তে দুবাৰকৈ অলিম্পিক গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা শিৱ থাপাৰ অভিলেখত গৌৰৱান্বিত ভাৰতীয় বক্সিং। উল্লেখযোগ্য যে জৰ্দানত চলি থকা এছিয়াৰ সৰ্বশ্ৰেষ্ঠ মহাৰণৰ কোৱাৰ্টাৰত দক্ষিণ কোৰিয়াৰ প্ৰতিপক্ষক পৰাস্ত কৰি ছেমিত প্ৰৱেশেৰে পদক নিশ্চিত কৰে শিৱ থাপাই। এই কথা নিউজ ১৮ক জনালে ভাৰতীয় বক্সিঙৰ সচিৱ প্ৰধান হেমন্ত কলিতাই। শিৱ থাপাৰ উপৰিও লাভলিনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱেও এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অসমৰ তিনিও গৰাকী বক্সাৰে স্বৰ্ণপদকৰ লাভ কৰিব বুলি আশাবাদী পূৰ্বোত্তৰ ক্ৰীড়া প্ৰেমী।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|