• Home
  • »
  • News
  • »
  • sports
  • »
  • CWG 2022 Medal Tally : সাক্ষী, বজৰংগ আৰু দীপক... মল্লযুঁজত তিনিটাকৈ সোণৰ পদক, কমনৱেল্থৰ পদক তালিকাত ভাৰতৰ ‘লং জাম্প’

CWG 2022 Medal Tally : সাক্ষী, বজৰংগ আৰু দীপক... মল্লযুঁজত তিনিটাকৈ সোণৰ পদক, কমনৱেল্থৰ পদক তালিকাত ভাৰতৰ ‘লং জাম্প’

গেমছৰ অষ্টম দিনটোত ভাৰতে মুঠ ৬টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ আটাইকেইটা পদক মল্লযুঁজৰ বিভিন্ন শাখাৰ প্ৰতিযোগিতাসমূহত লাভ কৰিছে।

গেমছৰ অষ্টম দিনটোত ভাৰতে মুঠ ৬টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ আটাইকেইটা পদক মল্লযুঁজৰ বিভিন্ন শাখাৰ প্ৰতিযোগিতাসমূহত লাভ কৰিছে।

গেমছৰ অষ্টম দিনটোত ভাৰতে মুঠ ৬টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ আটাইকেইটা পদক মল্লযুঁজৰ বিভিন্ন শাখাৰ প্ৰতিযোগিতাসমূহত লাভ কৰিছে।

  • Share this:
বাৰ্মিংহাম কমনৱেল্থ গেম্ছ ২০২২ বৰ্ষত ভাৰতবৰ্ষৰ প্ৰদৰ্শন অতুলনীয়। গেমছৰ অষ্টম দিনটোত ভাৰতে মুঠ ৬টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ আটাইকেইটা পদক মল্লযুঁজৰ বিভিন্ন শাখাৰ প্ৰতিযোগিতাসমূহত লাভ কৰিছে। জানিব পৰা মতে, ভাৰতীয় মল্লযোদ্ধাসকলে প্ৰতিযোগিতাৰ অষ্টম দিনটোত অৰ্জন কৰা ৬টা পদকৰ ভিতৰত তিনিটা সোণৰ পদক, এটা ৰূপৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক। ভাৰতীয় মহিলা মল্লযোদ্ধা অংশু মালিকে দেশৰ বাবে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে বজৰংগ পুনিয়া, দীপক পুনিয়া আৰু সাক্ষী মালিকে তিনিটাকৈ সোণৰ পদক নিজৰ নামত কৰিবলৈ সক্ষম হয়।

ইফালে দিব্যা কাকৰান আৰু মোহিত গ্ৰেৱালে ব্ৰঞ্জৰ পদক জয় কৰে। বৰ্তমানলৈকে ভাৰতৰ মল্লযোদ্ধাসকলে সমগ্ৰ বিশ্বৰ আগত অতিকৈ আকৰ্ষণীয় প্ৰদৰ্শন দেখুৱাই ভাৰতবাসীক গৌৰৱান্বিত কৰিছে।

মন কৰিবলগীয়া কথা যে, বৰ্মিংহাম কমনৱেল্থ গেম্ছৰ সপ্তমটো দিনা ভাৰতে মুঠ এটা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰে। উল্লেখনীয় যে, ভাৰতে মাত্ৰ আঠটা দিনত সৰ্বমুঠ ২৬টা পদক লাভ কৰিছে যাৰ ভিতৰত ৯টা সোণৰ পদক, ৮টা ৰূপৰ পদক আৰু ৯টা ব্ৰঞ্জৰ পদক। ইয়াৰ পৰিপেক্ষিতত ভাৰত বৰ্তমানে কমনৱেল্থ গেম্ছৰ পদক তালিকাত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানে কমনৱেল্থ গেম্ছ ২০২২ত বৰ্তমানলৈকে এটা সোণৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

বৰ্মিংহাম কমনৱেল্থ গেম্ছৰ নৱম দিনটোত ভাৰতৰ অংশগ্ৰহণ এনেধৰণৰ–

কমনৱেল্থ গেম্ছৰ নৱম দিনটোত ভাৰতে বহু পদক লাভ কৰিব পাৰিব বুলি সকলো আশাবাদী। মুলতঃ বেডমিন্টন আৰু টেবুল টেনিছত অধিক পদক জয় কৰাৰ সম্ভাৱনা আছে। এইদৰে বাৰ্মিংহাম কমনৱেল্থ গেম্ছৰ অন্তিম দিনবোৰলৈ হ’বলগা প্ৰতিযোগিতাসমূহত অধিক পদক জয় কৰাত ভাৰতৰ চেষ্টা অব্যাহত থাকিব। ইয়াৰ উপৰিও, নৱম দিনা এথলেটিকছ আৰু পেৰা এথলেটিকছত খেলুৱৈসকলে নিজৰ প্ৰতিভাৰে আশ্চৰ্যৰ সৃষ্টি কৰিব পাৰে। আনহাতে, মল্লযুঁজ, ক্ৰিকেট, বক্সিং আৰু হকীত ভাৰতৰ বাবে এক প্ৰত্যাহ্বান হিচাপে থাকিব।

CWG 2022 ত বিজয় লাভ কৰা ভাৰতৰ খেলুৱৈসকল নামসমূহ এনেধৰণৰ–
প্ৰথম মেডেল– সংকেট মহাদেৱ সাগৰ (ৰূপৰ পদক)
দ্বিতীয় মেডেল– গুৰুৰাজ পুজাৰী (ব্ৰঞ্জৰ পদক)
তৃতীয় মেডেল– মীৰাবাঈ চানু (সোণৰ পদক)
চতুৰ্থ মেডেল– বিন্দিয়াৰাণী দেৱী (ৰূপৰ পদক)
পঞ্চম মেডেল– জেৰেমী লালৰিন্নুগা (সোণৰ পদক)
ষষ্ট মেডেল– অংচিতা শিউলি (সোণৰ পদক)
সপ্তম মেডেল– সুশীলা দেৱী (ৰূপৰ পদক)
অষ্টম মেডেল– বিজয় কুমাৰ যাদৱ (ব্ৰঞ্জৰ পদক)
নৱম মেডেল– হৰজিন্দৰ কৌৰ (ব্ৰঞ্জৰ পদক)
দশম মেডেল– মহিলা ল’ন বল দল (সোণৰ পদক)
একাদশ মেডেল– পুৰুষ টেবুল টেনিছ দল (সোণৰ পদক)
দ্বাদশ মেডেল– বিকাশ ঠাকুৰ (ৰূপৰ পদক)
ত্ৰয়োদশ মেডেল– মিক্স বেডমিন্টন দল (ৰূপৰ পদক)
চতুৰ্দশ মেডেল– লবপ্ৰীত সিং (ব্ৰঞ্জৰ পদক)
পঞ্চদশ মেডেল– সৌৰভ ঘোষাল (ব্ৰঞ্জৰ পদক)
ষষ্ঠাদশ মেডেল– তুলিকা মান (ৰূপৰ পদক)
সপ্তদশ মেডেল– গুৰপ্ৰীত সিং (ব্ৰঞ্জৰ পদক)
অষ্টাদশ মেডেল– তেজস্বিন শংকৰ (ব্ৰঞ্জৰ পদক)
ঊনবিংশতিতম মেডেল– সুধীৰ (সোণৰ পদক)
বিংশতিতম মেডেল– মুৰলী শ্ৰীশংকৰ (ৰূপৰ পদক)
একবিংশতিতম মেডেল– অংশু মালিক (ৰূপৰ পদক)
দ্বিবিংশতিতম মেডেল– সাক্ষী মালিক (সোণৰ পদক)
ত্ৰিবিংশতিতম মেডেল– বজৰংগ পুনিয়া (সোণৰ পদক)
চতুৰ্বিংশতিতম মেডেল– দীপক পুনীয়া (সোণৰ পদক)
পঞ্চবিংশতিতম মেডেল– দিব্যা কাকৰান (ব্ৰঞ্জৰ পদক)
ষষ্ঠবিংশতিতম মেডেল– মোহিত গ্ৰেৱাল (ব্ৰঞ্জৰ পদক)
Published by:Sanjay Kumar Das
First published: