• Home
  • »
  • News
  • »
  • sports
  • »
  • BWF প্ৰতিযোগিতাত উত্তৰ-পূবৰ প্ৰথমজন পেৰা বেডমিন্টন খেলুৱৈ হিচাপে অৰুণাচলৰ বিৰি তাকাৰে ৰচিলে ইতিহাস; উগাণ্ডাত ৰূপৰ পদক জয়

BWF প্ৰতিযোগিতাত উত্তৰ-পূবৰ প্ৰথমজন পেৰা বেডমিন্টন খেলুৱৈ হিচাপে অৰুণাচলৰ বিৰি তাকাৰে ৰচিলে ইতিহাস; উগাণ্ডাত ৰূপৰ পদক জয়

অৰুণাচল প্ৰদেশৰ প্ৰখ্যাত পেৰা এথলীট বিৰি তাকাৰক আজি তেওঁৰ সহস্ৰাধিক গুণমুগ্ধই উষ্ম আদৰণি জনায়।

অৰুণাচল প্ৰদেশৰ প্ৰখ্যাত পেৰা এথলীট বিৰি তাকাৰক আজি তেওঁৰ সহস্ৰাধিক গুণমুগ্ধই উষ্ম আদৰণি জনায়।

অৰুণাচল প্ৰদেশৰ ক্ৰীড়া মন্ত্ৰালয়ে যদি উপযুক্ত সা-সুবিধা প্ৰদান কৰে ভৱিষ্যতে নতুন প্ৰজন্ম আকৰ্ষিত হ'ব আৰু বিশেষভাৱও সক্ষম লোক সকলেও উৎসাহিত হ'ব আৰু আগলৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হ'ব।

  • Share this:
বি ডব্লিউ এফ প্ৰতিযোগিতাত পদক লাভ কৰা উত্তৰ-পূবৰ প্ৰথমজন পেৰা বেডমিণ্টন খেলুৱৈ হৈ ইতিহাস ৰচনা কৰিলে অৰুণাচল প্ৰদেশৰ বিৰি তাকাৰে।

১৩ ছেপ্তেম্বৰৰ পৰা ১৮ ছেপ্তেম্বৰলৈ উগাণ্ডাত অনুষ্ঠিত বি ডব্লিউ এফ উগাণ্ডা পেৰা বেডমিণ্টন ইণ্টাৰনেশ্যনেলছ-২০২২ৰ এচ এল ৪ শাখাত পুৰুষৰ একক ফাইনেলত প্ৰতিদ্বন্দী নবীন শিৱকুমাৰৰ হাতত ১২-২০, ২০-২২ গ’লত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে বিৰি তাকাৰে। বিশ্ব পেৰা বেডমিণ্টন ফেডাৰেচনৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান।

উগাণ্ডাত অনুষ্ঠিত বি ডব্লিউ এফ টুৰ্ণামেণ্টত ৰূপৰ পদক দখল কৰাৰ পিছত অৰুণাচল প্ৰদেশৰ প্ৰখ্যাত পেৰা এথলীট বিৰি তাকাৰক আজি তেওঁৰ সহস্ৰাধিক গুণমুগ্ধই উষ্ম আদৰণি জনায়।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তাকাৰে জনাই যে, কোনো ধৰণৰ বৃত্তিগত বা আনুষ্ঠানিক প্ৰশিক্ষণৰ ব্যৱস্থা নোহোৱাকৈও তেওঁ এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। অৰুণাচল প্ৰদেশৰ ক্ৰীড়া মন্ত্ৰালয়ে যদি উপযুক্ত সা-সুবিধা প্ৰদান কৰে ভৱিষ্যতে নতুন প্ৰজন্ম আকৰ্ষিত হ'ব আৰু বিশেষভাৱও সক্ষম লোক সকলেও উৎসাহিত হ'ব আৰু আগলৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হ'ব।

অৰুণাচল প্ৰদেশ পেৰা অলিম্পিক এছোচিয়েছনৰ সভাপতি টেছি চনুয়ে প্ৰখ্যাত পেৰা এথলীট বিৰি তাকাৰক শুভেচ্ছা জনোৱাৰ লগতে তেওঁ অৰুণাচল চৰকাৰক বিশেষভাৱে সক্ষম লোকসকলৰ সৰ্বাংগীন বিকাশৰ বাবে সকলো সা-সুবিধা প্ৰদান কৰাৰ বাবে অনুৰোধ জনায়। লগতে বিশেষভাৱে সক্ষম লোক সকলক মনোবল অটুট ৰাখি ক্ৰীড়াৰ লগতে সকলো দিশতে আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায়।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি