হাতত ৰেকেট লৈ টেবুল টেনিছ খেলিলে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত এই ৰূপত দেখা গ'ল তেওঁক
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা সদৌ অসম আন্তঃজিলা টেবুল টেনিছ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আৰক্ষী সঞ্চালকপ্ৰ্ৰধান ভাস্কৰজ্যোতি মহন্তই।
চাৰিদিনীয়াকৈ অনুষ্ঠিতব্য অসমৰ আগশাৰীৰ প্ৰতিযোগিতাখনত ৰাজ্যৰ প্ৰায় ৪৫০ গৰাকী খেলুৱৈয়ে অংশ লয়। খেল উদ্বোধন কৰাৰ পিছতেই নিজেও হাতত ৰেকেট লৈ বেকহেন পুছ কৰিলে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।