মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »শিলচৰলৈ আহিব বিচিচিআইৰ দুগৰাকী আম্পায়াৰ

শিলচৰলৈ আহিব বিচিচিআইৰ দুগৰাকী আম্পায়াৰ

Source-Google

Source-Google

বৰাকৰ তিনিখন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ উদিয়মান আম্পায়ৰৰ সুবিধাৰ বাবে শিলচৰ প্ৰবীণ ক্ৰিকেটাৰ্চ ক্লাৱে বিশেষ পদক্ষেপ হাতত লৈছে

  • Share this:
    বিপুল বৰ্মন: বৰাক উপত্যকাৰ মুল চহৰ শিলচৰলৈ আহিব বিচিচিআইৰ দুগৰাকী আম্পায়াৰ ক্ৰমে সত্ৰজিৎ লাহিড়ী আৰু সোমনাথ ঝা। বৰাকৰ তিনিখন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ উদিয়মান আম্পায়ৰৰ সুবিধাৰ বাবে শিলচৰ প্ৰবীণ ক্ৰিকেটাৰ্চ ক্লাৱে বিশেষ পদক্ষেপ হাতত লৈছে। ৯-১০ ছেপ্তেম্বৰত শিলচৰ প্ৰবীণ ক্ৰিকেটাৰ্চ ক্লাৱে শিলচৰৰ আশীৰ্বাদ ভৱনত আম্পায়াৰ কৰ্মশালা অনুষ্ঠিত কৰিব।



    শুকুৰবাৰে সংবাদ মেলত এই কথা জনাই প্ৰাক্তন ক্ৰিকেটাৰ্চ সংগঠনৰ মুৰব্বী বিজেন্দ্ৰ প্ৰসাদ সিঙে। শিলচৰ ক্ৰীড়া সন্থা আৰু অসম ক্ৰিকেট সন্থাৰ সহযোগত অনুষ্ঠিত হবলগীয়া দুদিনীয়া কৰ্মশালাখনত ভাৰতবৰ্ষৰ দুই আম্পায়াৰ সত্ৰজিৎ লাহিড়ী আৰু সোমনাথ ঝা উপস্থিত থাকিব। শুকুৰবাৰ সংবাদ মেলত শিলচৰ ক্ৰীড়া সন্থাৰ সভাপতি বাবুল হোৰ য়ো উপস্থিত আছিল। ১০ ছেপ্তেম্বৰৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া উপস্থিত থাকিব।

    শেহতীয়া বাতৰি