বুধবাৰে আনুষ্ঠানিক ভাবে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল বৰ্ড, চমুকৈ BCCI ৰ অধ্যক্ষৰ দায়িত্ব ল’লে ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বকালৰ সফল অধিনায়ক সৌৰভ গাংগুলীয়ে। উচ্চতম ন্যায়ালয়ে নিয়োগ কৰা কমিটিৰ দায়িত্বভাৰ শেষ হোৱাৰ পিছতে আজি BCCI ৰ সৰ্বোচ্চ আসনত অধিস্থিত হ’ল সৌৰভ গাংগুলী। দায়িত্বলৈয়ে সাংবাদিকৰ সৈতে মুখামুখি হয় গাংগুলী।
অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিয়েই BCCI ক দুৰ্নীতিমুক্ত কৰাৰ অংগীকাৰ সৌৰভ গাংগুলীৰ। লগতে অনাগত সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীক সৰ্বতো প্ৰকাৰে সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে নৱ নিযুক্ত অধ্যক্ষজনে। সেইদৰে বিগত সময়ত BCCI ৰ কিছুমান কাম কাজকলৈ দেশজুৰি সৰব চৰ্চা হৈছিল, কিন্তু এতিয়া সেই সকলোবোৰ সমস্যা সমাধান কৰি ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোক নতুনকৈ সঁজোৱা হ’ব বুলি জনাই গাংগুলীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 23, 2019, 14:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।