অৱশেষত এদিনীয়া ক্ৰিকেটৰ অধিনায়কত্বও লাভ কৰিলে ৰোহিত শৰ্মাই। এই তথ্য ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI বুধবাৰে ব্যক্ত কৰে। ৰোহিত শৰ্মাই ইয়াৰ আগতে টি-২০ দলকো কমাণ্ড কৰাৰ বাবে দায়িত্ব লাভ কৰিছিল। এতিয়া ভাৰতীয় দলটোৱে এই মাহতে যাবলগীয়া দক্ষিণ আফ্ৰিকা (India tour of South Africa) ভ্ৰমণত খেলিবলগীয়া এদিনীয়া ক্ৰিকেটত অধিনায়ক ৰূপে ৰোহিত শৰ্মা (Rohit Sharma) থাকিব।
উল্লেখ্য, দক্ষিণ আফ্ৰিকাত ভাৰতে এখন এদিনীয়া আৰু টেষ্ট শৃংখলা খেলিব। কোৰোনা ভাইৰাছৰ কাৰণে এই ভ্ৰমণ এসপ্তাহ পলমকৈ আৰম্ভ হ'ব। বিচিচিআয়ে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় টেষ্ট দলো (Team India) ঘোষণা কৰে। টেষ্ট ক্ৰিকেটো আজিংক ৰাহানেৰ সলনি সহঃ অধিনায়কত্বৰ দায়িত্বত থাকিব ৰোহিত শৰ্মা।
এই দলটোত ১৮জন খেলুৱৈ আছে। ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকা ভ্ৰমণত তিনিখন টেষ্ট আৰু তিনিখন এদিনীয়া খেলিব লাগিব (India vs South Africa)। প্ৰথম শৃংখলাটো ১৭ ডিচেম্বৰত আৰম্ভ হোৱাৰ কথা আছিল যদিও এয়া ২৬ ডিচেম্বৰত আৰম্ভ হ'ব। শেহতীয়াকৈ সমাপ্ত টেষ্ট শৃংখলাৰ বাবে দায়বদ্ধ আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|