মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »বৰ্ষাপাৰা ষ্টেডিয়ামত সাপ নহয়, এইবাৰ সোমাল দৰ্শক, খেল চলি থকাৰ মাজতে খেলপথাৰলৈ দৌৰি আহিল এজন দৰ্শক

বৰ্ষাপাৰা ষ্টেডিয়ামত সাপ নহয়, এইবাৰ সোমাল দৰ্শক, খেল চলি থকাৰ মাজতে খেলপথাৰলৈ দৌৰি আহিল এজন দৰ্শক

প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত অভাৰত ৩৭৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে শ্ৰীলংকাই নিৰ্ধাৰিত অভাৰত ৩০৬ ৰান কৰিবলৈ সক্ষম হয়।

  • Share this:
বৰ্ষাপাৰা ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত হয় ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল। এই খেলখনত শ্ৰীলংকাৰ বিৰুদ্ধে সহজ জয় সাব্যস্ত কৰে টীম ইণ্ডিয়াই।

প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত অভাৰত ৩৭৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে শ্ৰীলংকাই নিৰ্ধাৰিত অভাৰত ৩০৬ ৰান কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ বিৰাট কোহলীয়ে শতৰান অৰ্জন কৰাৰ বিপৰীতে ৰোহিত শৰ্মা আৰু শুভমন গীলে উপহাৰ দিয়ে দৰ্শনীয় ইনিংছ।

কিন্তু খেলখন চলি থকাৰ মাজতে হঠাৎ ষ্টেডিয়ামত লাগিল হুৱাদুৱা। পূৰ্বেও বৰ্ষাপাৰা ষ্টেডিয়ামত খেল চলি থকাৰ মাজতে সাপ সোমোৱাক লৈ যথেষ্ট চৰ্চা হৈছিল। কিন্তু এইবাৰ সাপ নহয়, এইবাৰ ষ্টেডিয়ামত সোমাল এজন দৰ্শক। খেল চলি থকাৰ মাজতে এজন দৰ্শকে খেলপথাৰলৈ সোমাই আহে।

খেলপথাৰত সোমাই আহি মহম্মদ ছামীক হেণ্ডছেক কৰে দৰ্শকজনে। অৱশ্যে লগে লগে ষ্টেডিয়ামৰ নিৰাপত্তাৰক্ষীয়ে লোকজনক খেলপথাৰৰ পৰা আঁতৰাই লৈ যায়। কিন্তু এই ঘটনাই কিছু সময়ৰ বাবে ষ্টেডিয়ামত হুৱাদুৱাৰ সৃষ্টি কৰে।

শেহতীয়া বাতৰি