
কাৰাটে খেলুৱৈ নিচাদ আলী
Karate : কাজাখিস্তানৰ প্ৰতিযোগিতাত পদক লাভ কৰিব পাৰিলেই চীনত অনুষ্ঠিত হবলগীয়া এছিয়াড গেমছলৈ নিৰ্বাচিত হ'ব পাৰিব খেলুৱৈ গৰাকী ৷
কাজাখিস্তানৰ আলমাটি (Almati, Kazkhastan) চহৰত অনুষ্ঠিত হ'বলগীয়া এচিয়ান কাৰাটে ড' চেম্পিয়নশ্বিপ (Asian Karate do Championship)ৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে বৰপেটাৰ প্ৰতিভাৱান কাৰাটে খেলুৱৈ নিচাদ আলী (Nisad Ali)য়ে ৷ অহা ১৭ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া কাৰাটে চেম্পিয়নশ্বীপত নিচাদ আলীৰ সৈতে ৰাজ্যৰ আন এগৰাকী প্ৰতিভাৱা কাৰাটে খেলুৱৈ হেম্পু বংজাঙে (Hempu Bongjang)ও নিৰ্বাচিত হৈছে ৷
বৰপেটাৰ নিচাদ আলীৰ সৈতে ৰাজ্যখনৰ দুগৰাকীকৈ কাৰাটে খেলুৱৈ এচিয়ান চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হোৱাৰ খবৰে ৰাজ্যৰ ক্ৰীড়াৰ (Sports News) সৈতে জৰিতসকলক আনন্দিত কৰি তুলিছে ৷ বৰপেটাৰ নিচাদ আলীয়ে ইতিমধ্যে বিশ্ব কাৰাটে ড' প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰাৰ লগতে আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷
কাজাখিস্তানৰ অলমাটি চহৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত পদক লাভৰ বাবে অনুশীলন চলাই আছে ৷ উক্ত প্ৰতিযোগিতাত পদক লাভ কৰিব পাৰিলেই চীনত অনুষ্ঠিত হবলগীয়া এছিয়াড গেমছলৈ নিৰ্বাচিত হ'ব পাৰিব খেলুৱৈ গৰাকী ৷ সেয়ে কাজাকিস্তানত পদক লাভৰ বাবে নিচাদ আলীয়ে পিতৃ হাচমত আলীৰ তত্বাৱধানত চলাই গৈছে কঠোৰ অনুশীলন ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|