• Home
  • »
  • News
  • »
  • sports
  • »
  • Badminton World Championship 2022 : বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ ২১ আগষ্টৰ পৰা, ক'ত কেনেদৰে চাব পাৰিব এই খেল?

Badminton World Championship 2022 : বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ ২১ আগষ্টৰ পৰা, ক'ত কেনেদৰে চাব পাৰিব এই খেল?

VOOT Select এপ আৰু ৱেবছাইটত BWF বিশ্ব চেম্পিয়নশ্বিপ ২০২২ৰ লাইভ প্ৰচাৰ কৰা হ’ব।

VOOT Select এপ আৰু ৱেবছাইটত BWF বিশ্ব চেম্পিয়নশ্বিপ ২০২২ৰ লাইভ প্ৰচাৰ কৰা হ’ব।

VOOT Select এপ আৰু ৱেবছাইটত BWF বিশ্ব চেম্পিয়নশ্বিপ ২০২২ৰ লাইভ প্ৰচাৰ কৰা হ’ব।

  • Share this:
জাপানৰ টকিঅ’ত ২১ আগষ্টৰ পৰা আৰম্ভ হ’ব মৰ্যাদাপূৰ্ণ বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ ২০২২ (Badminton World Championships 2022)। বিশ্ব বেডমিণ্টন তাৰকা ছাইনা নেহৱাল, ভিক্টৰ এক্সেলচেন, কেণ্টো মোমোটা আৰু টাই ট্জু য়িঙৰ দৰে খেলুৱৈয়ে এই খেলত অংশ ল'বলৈ গৈ আছে। অৱশ্যে এই ইভেণ্টত ভাৰতৰ সবাতোকৈ সফল শ্বাটলাৰ পি ভি সিন্ধুৱে খেলিব নোৱাৰিব। কমনৱেলথ গেমছত ষ্ট্ৰেছ ফ্ৰেক্টৰত ভোগা সিন্ধুৱে এই চেম্পিয়নশ্বিপত অংশ নলয়।

ভাৰতৰ লক্ষ্য সেন আৰু কিদাম্বি শ্ৰীকান্তৰ দৰে শ্বাটলাৰ এইবাৰ চৰ্চাত আছে। লক্ষ্য সেন আৰু কিদাম্বী শ্ৰীকান্তে যোৱা বছৰ প’ডিয়ামত স্থান দখল কৰি ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ পদক লাভ কৰিছিল।

বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ ২০২২ৰ সূচী

১ম ৰাউণ্ড– ২২ আৰু ২৩ আগষ্ট
২য় ৰাউণ্ড– ২৪ আগষ্ট
কোৱাৰ্টাৰ ফাইনেল– ২৫ আগষ্ট
ছেমি ফাইনেল– ২৬ আগষ্ট
ফাইনেল – ২৭ আগষ্ট

কিমান বজাত আৰম্ভ হ’ব বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ ২০২২?

২২ আগষ্টৰ পুৱা ৭:৩০ বজাত (IST) আৰম্ভ হ’ব বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ ২০২২।

BWF বিশ্ব চেম্পিয়নশ্বিপ ২০২২ কোনবোৰ টিভি চেনেলত সম্প্ৰচাৰ কৰিব?

ভাৰতৰ স্প’ৰ্টছ১৮ চেনেলত প্ৰচাৰ কৰা হ’ব বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ ২০২২।

BWF বিশ্ব চেম্পিয়নশ্বিপ ২০২২ ৰ লাইভ ষ্ট্ৰীমিং কেনেকৈ চাব পাৰি?

VOOT Select এপ আৰু ৱেবছাইটত BWF বিশ্ব চেম্পিয়নশ্বিপ ২০২২ৰ লাইভ প্ৰচাৰ কৰা হ’ব।
Published by:Gautam Barman
First published: