உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • মৰ্মান্তিক! দুৰ্ঘটনাত মৃত্যু অষ্ট্ৰেলিয়ান ক্ৰিকেট তাৰকা এণ্ড্ৰিউ ছাইমণ্ডছৰ

    মৰ্মান্তিক! দুৰ্ঘটনাত মৃত্যু অষ্ট্ৰেলিয়ান ক্ৰিকেট তাৰকা এণ্ড্ৰিউ ছাইমণ্ডছৰ

    অষ্ট্ৰেলিয়াৰ ছাইমণ্ডছৰ প্ৰাক্তন সতীৰ্থ জেছন গিলেস্পিয়ে টুইট কৰিছে, ‘‘ভয়ংকৰ খবৰ! মই সম্পূৰ্ণৰূপে বিধ্বস্ত।

    অষ্ট্ৰেলিয়াৰ ছাইমণ্ডছৰ প্ৰাক্তন সতীৰ্থ জেছন গিলেস্পিয়ে টুইট কৰিছে, ‘‘ভয়ংকৰ খবৰ! মই সম্পূৰ্ণৰূপে বিধ্বস্ত।

    অষ্ট্ৰেলিয়াৰ ছাইমণ্ডছৰ প্ৰাক্তন সতীৰ্থ জেছন গিলেস্পিয়ে টুইট কৰিছে, ‘‘ভয়ংকৰ খবৰ! মই সম্পূৰ্ণৰূপে বিধ্বস্ত।

    • Share this:
    দুৰ্ঘটনাত প্ৰাণ গ’ল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেট তাৰকা এণ্ড্ৰিউ ছাইমণ্ডছৰ। শ্বেন ৱাৰ্ন আৰু ৰড মাৰ্ছৰ মৃত্যুৰ পিছত ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এই আকস্মিক মৃত্যু স্বাভাৱিকতেই দুখজনক। ৪৬ বছৰ বয়সীয়া এণ্ড্ৰিউ ছাইমণ্ডছে ২৬খন টেষ্ট আৰু ১৯৮খন এদিনীয়া আন্তৰ্জাতিক মেচ খেলিছিল। সূত্ৰৰ খবৰ অনুসৰি, শনিবাৰে নিশা কুইন্সলেণ্ডৰ টাউনছভিলেৰ বাহিৰত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ছাইমণ্ডছে।

    আৰক্ষীয়ে জনাইছে, জৰুৰীকালীন সেৱাৰ কৰ্মীয়ে ছাইমণ্ডছক বচোৱাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু গাড়ীখন দুৰ্ঘটনাৰ পিছত লুটি খাই চিটিকি পৰাত গুৰুতৰভাৱে আহত হয় ছাইমণ্ডছ। গুৰুতৰ আঘাতৰ বাবেই প্ৰাণ হেৰুৱাই প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। যদিও কৰ্তৃপক্ষই ছাইমণ্ডছৰ নাম প্ৰকাশ কৰা নাই, একাধিক সংবাদ প্ৰতিষ্ঠান আৰু প্ৰাক্তন খেলুৱৈয়ে খবৰটো নিশ্চিত কৰিছে।

    অষ্ট্ৰেলিয়াৰ ছাইমণ্ডছৰ প্ৰাক্তন সতীৰ্থ জেছন গিলেস্পিয়ে টুইট কৰিছে, ‘‘ভয়ংকৰ খবৰ! মই সম্পূৰ্ণৰূপে বিধ্বস্ত। আমি সকলোৱে তোমাক মিছ কৰিম বন্ধু।’’ ছাইমণ্ডছৰ আন এজন প্ৰাক্তন সতীৰ্থ আৰু সহকৰ্মী ধাৰাভাষ্যকাৰ আডাম গিলক্ৰিষ্টে লিখিছে, ‘‘প্ৰচণ্ড কষ্ট হৈছে।’’ পাকিস্তানৰ ফাষ্ট বলাৰ ছোৱেইব আখতাৰেও জনাইছে, এণ্ড্ৰিউ ছাইমণ্ডছৰ আকস্মিক মৃত্যুৰ খবৰত তেওঁ ‘বিধ্বস্ত’।
    Published by:Sanjay Kumar Das
    First published: