• Home
  • »
  • News
  • »
  • sports
  • »
  • IndW vs AusW: সোণ কাঢ়ি নিলে অষ্ট্ৰেলিয়াই, ভাৰতৰ হাতত থাকিল ‘সান্ত্বনা’ৰ ৰূপৰ পদক

IndW vs AusW: সোণ কাঢ়ি নিলে অষ্ট্ৰেলিয়াই, ভাৰতৰ হাতত থাকিল ‘সান্ত্বনা’ৰ ৰূপৰ পদক

হৰমনপ্ৰীতে কৰে ৬৫ ৰান। কিন্তু শেষ ৰক্ষা নহ’ল। ১৫২ ৰানত স্তব্ধ হ’ল ভাৰতীয় দল। স্বৰ্ণজয়ৰ কাষ চাপিও ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হ’ল ভাৰতীয় মহিলা ক্ৰিকেট দল।

  • Share this:

অষ্ট্ৰেলিয়াক হৰুৱাই প্ৰথমবাৰ কমনৱেল্থ গেমছত স্বৰ্ণজয়ৰ সুযোগ আহিছিল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হাতলৈ। কিন্তু সেই সুযোগ হেৰুৱালে হৰমনপ্ৰীত কৌৰ বাহিনীৰ হাতৰ পৰা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলৰ ৰেকৰ্ড ভাল নহয়। কিন্তু কমনৱেল্থ গেমছৰ তিনিখন মেচৰ ভিতৰত দুখনত জিকি ভাৰতীয় মহিলা দলে এ গ্ৰুপৰ পৰা দ্বিতীয় দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। তাৰ পিছত ছেমিত ইংলেণ্ডৰ দৰে শক্তিশালী দলক পৰাস্ত কৰে। ভাৰতীয় দলৰ সমৰ্থকসকলৰ প্ৰত্যাশা খুবেই বেছি আছিল যে ভাৰতে এইবাৰ স্বৰ্ণপদক লাভ কৰিব।

বাৰ্মিংহাম কমনৱেল্থ গেমছৰ পৰা পদক নিশ্চিত কৰিছিল ভাৰতীয় মহিলা দলে। কিন্তু সকলোৱে আশা কৰিছিল, ভাৰতীয় মহিলা ক্ৰিকেট দলে নতুন ইতিহাস ৰচনা কৰিব। কিন্তু সেয়া নহ’ল। ভাৰতৰ হাতৰ পৰা সোণ কাঢ়ি নিলে অষ্ট্ৰেলিয়াই। ভাৰতীয় দলৰ হাতত থাকিল ৰূপ।

মাত্ৰ ৯ ৰানত পৰাস্ত হৈ স্বৰ্ণপদকৰ পৰা ব্যৰ্থ হয় ভাৰত। অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি ৮ উইকেটত সংগ্ৰহ কৰে ১৬১ ৰান। লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলে প্ৰায় জিকি পেলাইছিল মেচ। কিন্তু শেষত আশাত যেন চেঁচাপানী পৰিল।

ভাৰতৰ দুই অপেনাৰ শেফালী বৰ্মা আৰু স্মৃতি মান্ধানাই গুৰুত্বপূৰ্ণ মেচখনত ৰান নাপালে। শেফালীয়ে ১১ ৰান আৰু স্মৃতিয়ে ৬ ৰানত আউট হয়। জেমিমা ৰডৰিগেজে ৩৩ ৰান কৰি যুঁজ দিছিল। অৱশ্যে অধিনায়কৰ দৰে ইনিংছ খেলিলে হৰমনপ্ৰীত কৌৰে। হৰমনপ্ৰীতৰ যুঁজ দেখি ভাৰতবাসীৰ মনত স্বৰ্ণপদকৰ আশা সজীৱ হৈছিল।

হৰমনপ্ৰীতে কৰে ৬৫ ৰান। কিন্তু শেষ ৰক্ষা নহ’ল। ১৫২ ৰানত স্তব্ধ হ’ল ভাৰতীয় দল। স্বৰ্ণজয়ৰ কাষ চাপিও ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হ’ল ভাৰতীয় মহিলা ক্ৰিকেট দল।

Published by:Sanjay Kumar Das
First published: