দেশৰ ক্ৰীড়াৰ সন্মানীয় বঁটা অৰ্জুন। প্ৰত্যেক বছৰে ক্ৰীড়া মন্ত্ৰালয়ে দেশৰ সফল খেলুৱৈক প্ৰদান কৰে অৰ্জুন বঁটা। এইবাৰৰ অৰ্জুন বঁটা ২০২২ৰ বাবে অসমৰ নয়নমণি শইকীয়াৰ নাম অনুমোদন কৰা হৈছে।
ক্ৰীড়া মন্ত্ৰলয়ৰ অধীনৰ বিশেষ কমিটিয়ে অনুমোদন জনাইছে নয়নমণি শইকীয়াৰ নাম।এই অনুমোদন অনুসৰি অৰ্জুন বঁটাৰ বাবে নাম ঘোষণা হ'লে নয়নমণি শইকীয়া হ'ব অসমৰ সপ্তমগৰাকী খেলুৱৈ।
উল্লেখ্য, ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা, জয়ন্ত তালুকদাৰ, শিৱ থাপা, হিমা দাস, লাভলিনা বৰগোহাঁইৰ পিছত হ'ব নয়নমণি শইকীয়া।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|