• Home
  • »
  • News
  • »
  • sports
  • »
  • National Games 2022 : ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া, ৰাওনা হ'ল অসমৰ চাইক্লিং দল আৰু লনবল দল

National Games 2022 : ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া, ৰাওনা হ'ল অসমৰ চাইক্লিং দল আৰু লনবল দল

পদকপ্ৰাপ্তিৰ সম্ভাৱনা আছে অসমৰ চাইক্লিষ্টৰ।

পদকপ্ৰাপ্তিৰ সম্ভাৱনা আছে অসমৰ চাইক্লিষ্টৰ।

পদকপ্ৰাপ্তিৰ সম্ভাৱনা আছে অসমৰ চাইক্লিষ্টৰ।

  • Share this:
৩৬সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়া ২৯ ছেপ্তেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব যদিও ইতিমধ্যে গেমছৰ কেইবাটাও ইভেণ্টৰ খেল চলি আছে। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ টেবুল টেনিছৰ খেল ইতিমধ্যে সামৰণি পৰিল।

দেশৰ সন্মানীয় প্ৰতিযোগিতাখন গুজৰাটৰ ছখন মূল চহৰৰ লগতে নতুন দিল্লীতো অনুষ্ঠিত হ'ব। নতুন দিল্লীত ভেলোড্ৰামত হ'ব গেমছৰ চাইক্লিং ইভেণ্ট। গেমছত সফলতাৰ লক্ষ্য লৈ অসমৰ দুটা দল ইতিমধ্যে ৰাওনা হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ নিজ নিজ ভেনুলৈ।

অসমৰ চাইক্লিং দলটো গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ ৰাওনা হোৱাৰ দৰেই লনবল দলটো আহমেদাবাদ অভিমুখে ৰাওনা হৈছে। অসম চাইক্লিং সন্থাৰ সাধাৰণ সম্পাদক ড০ তপন দাসে নিউজ ১৮ অসম নৰ্থ ইষ্টক জনোৱা মতে, অসমৰ চাইক্লিং দলটোত আছে সফল আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ চয়নিকা গগৈৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৌগত্ৰী বৰদলৈ, বৃষ্টি কংকনা গগৈ আৰু জয়শ্ৰী গগৈ।

ইফালে অসমৰ লনবল দলটোৰ নেতৃত্ব বহন কৰিব কমনৱেলথ গেমছৰ স্বৰ্ণপদক বিজয়ী নয়নমণি শইকীয়াই। অসমৰ দুয়োটা দলকে অসম অলিম্পিকৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু চীফ দ্য মিছন ৰাজ কাকতিয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি