বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / ক্ৰীড়া / Assam Youth Olympic 2022 : প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত "অসম যুৱ অলিম্পিক", খেলৰ বাবে নিৰ্বাচিত আগচিয়াৰ যুৱক বিনীত কলিতা

Assam Youth Olympic 2022 : প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত "অসম যুৱ অলিম্পিক", খেলৰ বাবে নিৰ্বাচিত আগচিয়াৰ যুৱক বিনীত কলিতা

Assam Youth Olympic 2022 : প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত "অসম যুৱ অলিম্পিক", খেলৰ বাবে নিৰ্বাচিত আগচিয়াৰ যুৱক বিনীত কলিতা

অহা ২৩  জুলাইত অনুষ্ঠিত হ’ব যুৱ অলিম্পিক

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব “অসম যুৱ অলিম্পিক”। অহা ২৩  জুলাইত অনুষ্ঠিত হ’বলগীয়া যুৱ অলিম্পিকত খেলিবলৈ স্থান লাভ কৰে মহানগৰীৰ পশ্চিম প্ৰান্তৰ আগচিয়াৰ যুৱক বিনীত কলিতাই, যাক লৈ উৎফুল্লিত হৈ পৰিছে আগচিয়াবাসীৰ লগতে পলাশবাৰী আঞ্চলিক ছটোকান কাৰাটে সন্থা।

অহা ২৩ জুলাইৰ পৰা প্ৰথমবাৰৰ বাবে গুৱাহাটীত আৰম্ভ হ’ব “অসম যুৱ অলিম্পিক”। কামৰূপৰ মহানগৰ জিলাৰ পলাশবাৰী আঞ্চলিক ছটোকান কাৰাটে সন্থাৰ প্ৰশিক্ষক ৰমেন ভূঞাৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লোৱা বিনীত কলিতাই এই খেলত ৭০ কেজি ওজনৰ শাখাত কাৰাটে খেলৰ বাবে বাছনি হৈছে।

বিজ্ঞাপন

বিনীত কলিতাই ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলত বঁটা লাভ কৰি অঞ্চলটোৰ লগতে অসমৰ নাম উজলাবলৈ সক্ষম হৈছে। অসম যুৱ অলিম্পিকত স্থান লাভ কৰাত বিনীত কলিতাক আগচিয়াবাসী ৰাইজৰ লগতে পলাশবাৰী আঞ্চলিক ছটোকান কাৰাটে সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।

আনহাতে পলাশবাৰী আঞ্চলিক ছটোকান কাৰাটেত প্ৰশিক্ষণ লোৱা কাব্যশিখা কলিতাই কাৰাটে খেলৰ লগত জড়িত থাকিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫টা বিভাগত লেটাৰ লৈ প্ৰথম স্থান দখল কৰি খেলৰ লগত জড়িত থাকিলেও যে শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি নাযায় তাৰ প্ৰমাণ কৰে। কাৰাটে প্ৰশিক্ষণ লোৱা পলাশবাৰী আঞ্চলিক হাইস্কুলৰ মেধাৱী ছাত্ৰী কাব্যশিখা কলিতাকো কাৰাটে সন্থাৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন