• Home
  • »
  • News
  • »
  • sports
  • »
  • অসম যুৱ অলিম্পিকত পদক বিজয়ী চৰাইদেউ জিলাৰ খেলুৱৈক উষ্ম আদৰণি

অসম যুৱ অলিম্পিকত পদক বিজয়ী চৰাইদেউ জিলাৰ খেলুৱৈক উষ্ম আদৰণি

অসম যুৱ অলিম্পিকৰ ভাৰোত্তোলন প্ৰতিযোগিতাত সর্বোচ্চ পদকেৰে উজলিল চৰাইদেউ জিলা।

অসম যুৱ অলিম্পিকৰ ভাৰোত্তোলন প্ৰতিযোগিতাত সর্বোচ্চ পদকেৰে উজলিল চৰাইদেউ জিলা।

অসম যুৱ অলিম্পিকৰ ভাৰোত্তোলন প্ৰতিযোগিতাত সর্বোচ্চ পদকেৰে উজলিল চৰাইদেউ জিলা। ২৩টা পদকেৰে দশম স্থান লাভ নৱগঠিত চৰাইদেউ জিলাৰ।

  • Share this:
অসম যুৱ অলিম্পিকৰ ভাৰোত্তোলন প্ৰতিযোগিতাত সর্বোচ্চ পদকেৰে উজলিল চৰাইদেউ জিলা। ২৩টা পদকেৰে দশম স্থান লাভ নৱগঠিত চৰাইদেউ জিলাৰ। ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ গুৱাহাটীত অনুষ্ঠিত হোৱা অসম যুৱ অলিম্পিকৰ ভাৰোত্তোলন প্রতিযোগিতাত চৰাইদেউ জিলা ভাৰোত্তোলন প্রশিক্ষণ কেন্দ্ৰৰ প্রশিক্ষার্থীয়ে ৭ টা সোণ, ২ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক লাভ কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে চৰাইদেউবাসী।

ভোগেশ্বৰী ফুকননী ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত ভাৰোত্তোলন প্রতিযোগিতাত পদক লাভ কৰা চৰাইদেউ জিলা ভাৰোত্তোলন প্রশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীসকল হ'ল ক্ৰমে ছোৱালীৰ ৪০ কে জি শাখাত চিত্ৰাপ্রভা চেতিয়া ( সোণ ) , ল'ৰাৰ ৪৯ কে জি শাখাত চান চন্দ্ৰ বণিয়া ( ৰূপ ) , ল'ৰাৰ ৫৫ কে জি শাখাত চন্দন খনিকৰে ( সোণ ) , ছোৱালীৰ ৪৯ কে জি শাখাত ভাৱনা গগৈয়ে ( ব্ৰঞ্জ ) , ল'ৰাৰ ৬৭ কে জি শাখাত দেৱজিৎ সিং ( ৰূপ ) , ছোৱালীৰ ৫৫ কে জি শাখাত টুটুমণি খাটুৱাল ( সোণ ) , ছোৱালীৰ ৫৯ কে জি শাখাত ঋজুমণি খাটোৱাল ( সোণ ) ছোৱালীৰ ৬৪ কে জিশাখাত দীপিকা চেতিয়া ( ব্ৰঞ্জ ) , ল'ৰাৰ ৮১ কে জি শাখাত বুলেন ৰাভা ( সোণ ) , ল'ৰাৰ ৯৬ কে জি শাখাত কপিল সোণোৱাল ( সোণ ) , ছোৱালীৰ ৭১ কে জি শাখাত জেবিন চুলতানা ( ব্ৰঞ্জ ) , ছোৱালীৰ ৭৬ কে জি শাখাত আস্থা গগৈ ( সোণ ) , ল'ৰাৰ ১০২ কে জি ঊর্ধ্ব শাখাত হোমেন ফুকনে সোণৰ পদক লাভ কৰে ।

দলটোৰ সৈতে মুখ্য প্রশিক্ষক হিচাপে আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক অনুপ কোঁৱৰ , প্ৰশিক্ষক হিচাপে প্ৰাণজিৎ গগৈ , আইমণি গগৈ আৰু টীম মেনেজাৰ হিচাপে কেশৱ গগৈ গৈছিল । উল্লেখযোগ্য যে অসম যুৱ অলিম্পিকত চৰাইদেউ জিলাৰ পৰা অংশ গ্রহণ কৰি ৰাগবি দলে সোণৰ পদক অৰ্জন কৰাৰ লগতে সাঁতোৰৰ ৫০,১০০ আৰু ২০০ মিটাৰ বেষ্ট ষ্ট্ৰকত দিশা গগৈয়ে তিনিটা সোণৰ পদক , কাৰাটেত ৰক্তোৎপল বিকাশ চেতিয়াই সোণৰ পদক , জুডো খেলত শিল্পাৰাণী টাপাদাৰ , ৰাহুল গগৈ , আশিস আহমেদে ৰূপৰ পদক আৰু উন্মুত মানৱজ্যোতি সোণোৱালে ৰূপৰ পদক লাভ কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে ভাৰোত্তোলনত ৰাজ্যিক ভিত্তিত প্ৰতিযোগিতাত ল'ৰাৰ শাখাত বিগত তিনিটা বর্ষ শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ সক্ষম হোৱা চৰাইদেউ ভাৰোত্তোলন প্রশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীয়ে অসম যুৱ অলিম্পিকতো বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হোৱাত চৰাইদেউ জিলা ক্রীড়া সন্থাৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু অসম ভাৰোত্তোলন সন্থাৰ উপ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উৎফুল্লিত হোৱাৰ লগতে পদক প্রাপক সমূহ খেলুৱৈক ধন্যবাদ জ্ঞাপন কৰিছে।

অসম যুৱ অলিম্পিকলৈ চৰাইদেউ জিলাৰ চিফ দা মিছনৰ দায়িত্ব লৈ অহা চৰাইদেউ জিলা ক্রীড়া সন্থাৰ সম্পাদক ইমদাদ হুছেইনে প্ৰদৰ্শন কৰা দায়বদ্ধতাৰ বাবে জিলাখনৰ সমূহ খেলুৱৈ , প্ৰশিক্ষক আৰু টীম মেনেজাৰে হুছেইনক ধন্যবাদ জ্ঞাপন কৰিছে। আনহাতে চৰাইদেউ জিলাৰ সোণাৰিৰ ভজোত ৰেল যোগে উপস্থিত হোৱা পদক জয়ী খেলুৱৈসকলক সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন আৰু চৰাইদেউ জিলাবাসীয়ে উষ্ম আদৰণি জনায়।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি