• Home
  • »
  • News
  • »
  • sports
  • »
  • অসমৰ তাৰকা সন্তৰণবীদ শিৱাংগী শৰ্মাই ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰত জয় কৰিলে তৃতীয়টো স্বৰ্ণ পদক। তিনিটা সোণৰ পদকেৰে জিলিকিছে শিৱাংগী

অসমৰ তাৰকা সন্তৰণবীদ শিৱাংগী শৰ্মাই ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰত জয় কৰিলে তৃতীয়টো স্বৰ্ণ পদক। তিনিটা সোণৰ পদকেৰে জিলিকিছে শিৱাংগী

৫০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপৰ পদক লাভ কৰে শিৱাংগী শৰ্মাই।

৫০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপৰ পদক লাভ কৰে শিৱাংগী শৰ্মাই।

৫০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপৰ পদক লাভ কৰে শিৱাংগী শৰ্মাই।

  • Share this:
বেংগালুৰু (Bengaluru)ত চলি থকা ৭৪ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ সাঁতোৰ প্ৰতিযোগিতা (Senior National Swimming Competition)ত চমক সৃষ্টি কৰিছে অসমৰ সফল খেলুৱৈ শিৱাংগী শৰ্মা (Sivangee Sarma) ই। দেশৰ সম্মানীয় আগশাৰীৰ প্ৰতিযোগিতা খনত শিৱাংগী শৰ্মাই ৪০০ মিটাৰ, ১০০ মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণপদক লাভ কৰাৰ পিছত শুকুৰবাৰে ২০০ মিটাৰ ফ্ৰী ষ্টাইল ইভেণ্টতো অভিলেখ সৃষ্টি কৰি স্বৰ্ণপদক লাভ কৰে।

২৬ অক্টোবৰৰ পৰা বেংগালুৰুত চলি থকা এই পৰ্যন্ত চাৰিটা পদ লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনে শিৱাংগী শৰ্মাই। শিৱাংগীয়ে ৫০ মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰে। শিৱাংগী শৰ্মাই ৪০০ মিটাৰ ফ্ৰী ষ্টাইলত ০৪:৩১:৩৬ সময়েৰে শ্ৰেষ্ঠ হয়। ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ০০:৫৯:০৭ ছেকেণ্ডেৰে স্বৰ্ণপদক লাভ কৰে। ২০০ মিটাৰ ফ্ৰী ষ্টাইলত ০২:০৭:১০ ছেকেণ্ডেৰে তৃতীয়টো স্বৰ্ণপদক লাভ কৰে জলপৰী শিৱাংগী শৰ্মাই।

২০২০ৰ খেলো ইণ্ডিয়া (Khelo India)তো অভিলেখ সংখ্যক ৫টা স্বৰ্ণপদক লাভ কৰিছিল শিবাংগী শৰ্মাই। শিৱাংগী শৰ্মাৰ লক্ষ্য হ'ল ২০২৪ চনৰ পেৰিছ অলিম্পিক।
Published by:Manjumoni Borah
First published: