• Home
  • »
  • News
  • »
  • sports
  • »
  • সদৌ অসম আন্তঃ জিলা ফুটবলত খিতাপ দখল কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে...

সদৌ অসম আন্তঃ জিলা ফুটবলত খিতাপ দখল কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে...

ডিব্ৰুগড় বিশ্ববিদ্যালয় ফুটবল একাদশে ৬৯ সংখ্যক সদৌ অসম ছিনিয়ৰ আন্তঃ জিলা ক্ষিৰোদ বৰুৱা সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

  • Share this:
ডিব্ৰুগড় বিশ্ববিদ্যালয় ফুটবল একাদশে ৬৯ সংখ্যক সদৌ অসম ছিনিয়ৰ আন্তঃ জিলা ক্ষিৰোদ বৰুৱা সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। সোণাৰি ৰাজহুৱা খেলপথাৰত  অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ডিব্ৰুগড় বিশ্ববিদ্যালয় দলে ওদালগুৰি জিলা ক্ৰীড়া সন্থা একাদশক টাইব্ৰেকাৰৰ সহায়ত  ৬-৫ গ'লৰ ব্যৱধানত পৰাজিত কৰে।

খেলখনৰ প্ৰথমাৰ্দ্ধত ওদালগুৰি দলে এক গ'লত আগবাঢ়ি থকাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয় দলে দ্বিতীয়াৰ্ধত এটা গ'ল দি সমতা স্থাপন কৰে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গলত অমীমাংসিত হৈ ৰোৱাত ৰেফাৰীয়ে অতিৰিক্ত সময় দিয়ে যদিও কোনোএটা দিলে গ'ল কৰিব সক্ষম নহ'ল। ফলত ৰেফাৰীয়ে টাই ব্ৰেকৰৰ সহায় লয়। টাইব্ৰেকাৰত ওদালগুৰি দলে ৪ টা গ'ল দিয়াৰ বিপৰীতে ডিব্ৰুগড় বিশ্ববিদ্যালয় দলে ৫ টা গ'ল দিয়াত ডিব্ৰুগড় দল সামগ্ৰিকভাৱে ৬-৫ গ'লত জয়ী হয়। খেলৰ শেষত অনুষ্ঠিত হোৱা বঁটা বিতৰিণী সভাত বিশিষ্ট অতিথি সকলে বিজয়ী আৰু বিজিত দলৰ লগতে শ্ৰেষ্ঠ খেলুৱৈসকলক পুৰস্কাৰসমূহ বিতৰণ কৰে।
Published by:Kokil Sarma
First published: