মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Police Athletics Championships : সৰ্বভাৰতীয় পুলিচ এথলেটিক চেম্পিয়নচিপত অসমৰ খেলুৱৈৰ সাফল্য, গঢ়িলে ৰেকৰ্ড

Police Athletics Championships : সৰ্বভাৰতীয় পুলিচ এথলেটিক চেম্পিয়নচিপত অসমৰ খেলুৱৈৰ সাফল্য, গঢ়িলে ৰেকৰ্ড

All India Police Athletics Championships : ৰিম্পীৰ পৰৱৰ্তী লক্ষ্য নৱেম্বৰত হ’বলগীয়া বিশ্ব পুলিচ এথলেটিক চেম্পিয়নশ্বিপ

  • Share this:
সৰ্বভাৰতীয় পুলিচ এথলেটিক চেম্পিয়নচিপত লংজাম্পত এক নতুন ৰেৰ্কড গঢিবলৈ সক্ষম হ'ল শিৱসাগৰ জিলাৰ (Sivasagar District) বকতাৰ এথলীট ৰিম্পী বুঢাগোহাঁয়ে। ব্ৰঞ্জৰ পদকেৰে ৰিম্পীয়ে প্ৰতিযোগিতাখনত ২০১২বৰ্ষৰ পিছত লংজাম্পত এক নতুন ৰেৰ্কড গঢিবলৈ সক্ষম হয় (All India Police Athletics Championships)।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ লং জাম্পত ৰেকৰ্ড গঢ়া ৰিম্পী অসমৰ প্ৰথমগৰাকী খেলুৱৈ। অসম ৰাইফলছত কৰ্মৰত ৰিম্পীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত লং জাম্পত ৬.২০ মিটাৰ অভিলেখ গঢ়ি পূৰ্বৰ ৰেকৰ্ড ভংগ কৰে। খেলুৱৈগৰাকীৰ এই সফলতাত বিভিন্নজনে অভিনন্দন জনোৱাৰ লগতে শিৱসাগৰ জিলাৰ বকতাৰ বাসগৃহত এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছে।

ৰিম্পীৰ পৰৱৰ্তী লক্ষ্য নৱেম্বৰত হ’বলগীয়া বিশ্ব পুলিচ এথলেটিক(Athletic) চেম্পিয়নশ্বিপ, যাৰ বাবে ৰিম্পীয়ে বিচাৰিছে সকলোৰে আশীৰ্বাদ। ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ সকলো খেলুৱৈয়ে স্থান পাবলগীয়া বিশ্ব পুলিচ এথলেটিক চেম্পিয়নশ্বিপলৈ ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ কৰিছে খেলুৱৈগৰাকীয়ে।

শেহতীয়া বাতৰি