মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযুষ হাজৰিকা ...

দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযুষ হাজৰিকা ...

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি  বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আজি দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত অধিস্থিত হয় |

  • Share this:
অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি  বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আজি দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত অধিস্থিত হয় |

গুৱাহাটীত অনুষ্ঠিত অসম টেবুল টেনিচ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখনত আজি সন্থাৰ ৰাজ্যিক সদস্যসকলৰ লগতে জিলা সন্থাৰ বিষয়ববীয়া তথা প্ৰতিনিধি বৰ্গৰ উপস্থিতিত সৰ্বসন্মতি মৰ্মে মন্ত্ৰী হাজৰিকা দ্বিতীয়বাৰলৈ সন্থাৰ সভাপতি পদত নিৰ্বাচিত হয় | মন্ত্ৰী হাজৰিকাই সভাপতি পদত অধিস্থিত কৰাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনাগত সময়ত সন্থাৰ সকলো সদস্যৰ সহযোগিতাত ৰাজ্যখনৰ টেবুল টেনিচৰ ক্ষেত্ৰখনক শীৰ্ষ পৰ্যায়লৈ আগুৱাই নিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে  ৷ উল্লেখযোগ্য যে নতুন সমিতি গঠন হোৱাৰ পূৰ্বে আগৰ সমিতিখনৰ অন্তিমখন কাৰ্যনিৰ্বাহক বৈঠকো আজি মন্ত্ৰী পীযুষ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় | এই বৈঠকখনত মন্ত্ৰী হাজৰীকাই ৰাজ্যখনত টেবুল টেনিচৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে জিলা পৰ্যায়ত টেবুল টেনিচ খেলৰ বাবে সুন্দৰ পৰিবেশ সৃষ্টি কৰিবলৈ সকলো জিলাতে টেবুল টেনিচ সন্থাৰ জিলা সমিতি গঠন আৰু সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে |

শেহতীয়া বাতৰি