মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »World Boxing Championship: বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত লাভলিনা বৰগোঁহাইৰ প্ৰৱেশ

World Boxing Championship: বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত লাভলিনা বৰগোঁহাইৰ প্ৰৱেশ

বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা দুবাৰকৈ অলিম্পিক পদক বিজয়ী চীনৰ লি কিয়ানক ৪-২ গ'লত পৰাস্ত কৰি লভলিনাই ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

  • Share this:
অসমৰ লাভলিনা বৰগোহাঁইয়ে প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদকৰ বাবে যুঁজ দিব। বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা দুবাৰকৈ অলিম্পিক পদক বিজয়ী চীনৰ লি কিয়ানক ৪-২ গ'লত পৰাস্ত কৰি লভলিনাই ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

লাভলিনাৰ উপৰিও তাৰকা বক্সাৰ নিখত জাৰিনেও ৫০ কিলোগ্ৰাম শাখাত ফাইনেলত উপনীত হৈছে। তেওঁ কলম্বিয়াৰ ইনগ্ৰিড ভেলেন্সিয়াক পৰাজিত কৰিছিল।

আনহাতে, কাজাখস্তানৰ আলুৱা বাল্কিবেকোভাক পৰাস্ত কৰি নিতু ঘাংঘাছেও ফাইনেলত প্ৰৱেশ কৰিছে।

ইয়েৰোপৰি, বৃহস্পতিবাৰে চেমিফাইনেল বাউটত বিজয়ী হোৱাৰ পিছত চুইটি বৰাই ৮১ কিলোগ্ৰাম শাখাত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে।

লাভলিনাই এই পৰ্যায়ত তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ কঠিনতম জয় লাভ কৰিবলৈ সক্ষম হৈছে। খেলখনৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ ৩–২, দ্বিতীয় ৰাউণ্ডত চীনৰ ৩–২ স্কোৰ আছিল। তাৰ পিছত তৃতীয় ৰাউণ্ডত লাভলিনাই ৪–২ গ’লেৰে জয় লাভ কৰি ইতিহাস সৃষ্টি কৰিলে।

শেহতীয়া বাতৰি