ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম সন্তান। লণ্ডনত অনুষ্ঠিত দশম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত (10TH COMMONWEALTH KARATE CHAMPIONSHIPS 2022) জিলিকিল অসমৰ ৫ সন্তান। বাৰ্মিংহামত অনুষ্ঠিত এই খেলত সুৰজ কোঁৱৰ আৰু ইৰফান হাবিবে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে নিচাদ আলী, হেম্পু বংজান, ৱাচিমা আখটাৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেচনৰ উদ্যোগত ভাৰতক প্ৰতিনিধিত্ব কৰি ৰাওনা হৈছিল অসমৰ ৬জনীয়া এটি দলটো। লণ্ডনত ৭ পৰা ১১ চেপ্তেম্বৰলৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা, য'ত ২০ দেশে অংশ লৈছিল। আজি বৰঝাৰ বিমানবন্দৰত আটাইকেইজন আহি পোৱাৰ পিছত আত্মীয় তথা শুভকাংক্ষীয়ে আদৰণি জনায়।
Published by: Gautam Barman
FIRST PUBLISHED : September 14, 2022, 21:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।