• Home
  • »
  • News
  • »
  • sports
  • »
  • Assamese Player| Mariani: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিও বিমান যাত্ৰাৰ ব্যয় বহন কৰিব পৰা নাই এইগৰাকী অসম কন্যাই

Assamese Player| Mariani: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিও বিমান যাত্ৰাৰ ব্যয় বহন কৰিব পৰা নাই এইগৰাকী অসম কন্যাই

আন্তঃৰাষ্ট্ৰীয় মুৱাই থাই কিক বক্সিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰিয়ংকাই ২৪ মে'ত নিজ গৃহৰ পৰা যাত্ৰা কৰাৰ কথা, কিন্তু...

আন্তঃৰাষ্ট্ৰীয় মুৱাই থাই কিক বক্সিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰিয়ংকাই ২৪ মে'ত নিজ গৃহৰ পৰা যাত্ৰা কৰাৰ কথা, কিন্তু...

আন্তঃৰাষ্ট্ৰীয় মুৱাই থাই কিক বক্সিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰিয়ংকাই ২৪ মে'ত নিজ গৃহৰ পৰা যাত্ৰা কৰাৰ কথা, কিন্তু...

  • Share this:
মৰিয়নিৰ তথা সমগ্ৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে এগৰাকী যুৱতীয়ে। মৰিয়নি সমষ্টিৰ এক ভিতৰুৱা অঞ্চল চেলেং ইটাখোলাৰ প্ৰিয়ংকা মাঝি নামৰ যুৱতীগৰাকী আমন্ত্ৰিত হৈছে ডুবাইত অনুষ্ঠিত হ'ব লগা আন্তঃৰাষ্ট্ৰীয় মোৱাই-থাই কিক বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে।

মন কৰিবলগীয়া যে আৰ্থিকভাৱে স্বচ্ছল নোহোৱাৰ বাবেই প্ৰিংয়কাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিও বিমান যাত্ৰাৰ ব্যয় বহন কৰিবলৈ সক্ষম নোহোৱাত সম্প্ৰতি বিপাঙত পৰিছে প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকী (Assam Player has not been able to bear the cost of air travel)।

উল্লেখ্য যে পাঞ্জাৱ, হাৰিয়ানা আদিকে ধৰি দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত সুনাম অৰ্জন কৰাৰ লগতে ২০২১ চনত মণিপুৰত অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ হৈ সোণৰ পদক লাভ কৰিবলা সক্ষম হৈছিল প্ৰিয়ংকা মাঝি। কিন্তু সম্প্ৰতি অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকীয়ে ডুবাইলৈ যাত্ৰা কৰিবৰ বাবে আৰ্থিক দৈন্য হেঙাৰ হৈ পৰিছে।

উল্লেখ্য, অহা ২৬ মে'ৰ পৰা ডুবাইৰ আবুধাবিত অনুষ্ঠিত হ'ব লগা আন্তঃৰাষ্ট্ৰীয় মুৱাই থাই কিক বক্সিং প্ৰতিযোগিতাত অসমৰ আন তিনি  প্ৰতিযোগীৰ সৈতে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰিয়ংকাই ২৪ মে'ত নিজ গৃহৰ পৰা যাত্ৰা কৰাৰ কথা। এইক্ষেত্ৰত ক্ৰীড়াবিদগৰাকীয়ে চৰকাৰ তথা বিভিন্ন ব্যক্তি দল–সংগঠনৰ সহায় আহ্বান কৰিছে (Assam Girl invited to participate in international matches)।

ইচ্ছুক ব্যক্তিয়ে প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকীক কিছু সহায় কৰিব বিচাৰিলে প্ৰিয়ংকাৰ টীয়কস্থিত এছ বি আই শাখাৰ 38382018658 নং একাউন্ট (আই এফ চি SBIN 0001718) ত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰিব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি