বৰপেটা জিলাৰ বাবে অতি ভাল খবৰ৷ বৰপেটা জিলাৰ কুমল্লীপাৰা গাঁৱৰ উদীয়মান ফুটবলাৰ মেহবুব হক পৰ্টুগালত অনুষ্ঠিত হ’বলগা ১৭ বছৰ অনূৰ্ধ্ব মাডজাৰ বীচ্ছ ছ'কাৰ আন্তঃৰাষ্ট্ৰীয় যুৱ কাপ ২০২২ ফুটবল প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। সমগ্ৰ অসমৰ ফুটবল ক্ষেত্ৰৰ বাবে গৌৰৱৰ বতৰা কঢ়িয়াই অনা কিশোৰ ফুটবলাৰগৰাকীয়ে পৰ্টুগাললৈ যোৱাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই আছে।
উল্লেখযোগ্য যে অহা ১৪ জুলাইৰ পৰা ১৮ জুলাইলৈকে ফিফা বিশ্ব কাপ ফুটবলৰ বিখ্যাত ফুটবলাৰ ক্ৰিষ্টিয়ান’ ৰোণাল্ড'ৰ দেশ পৰ্টুগালৰ ফিগুৰীয়া ডা-ফিজ বীচ্ছ স্প'ৰ্টছ কমপ্লেক্স'ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ কাপ ফুটবল প্ৰতিযোগিতাখনত ভাৰতৰ ডিয়াছ ইউনাইটেড স্প'ৰ্টছ ক্লাবৰ হৈ গলৰক্ষক হিচাপে খেলত অংশগ্ৰহণ কৰিব মেহবুবে।