• Home
  • »
  • News
  • »
  • sports
  • »
  • Assam footballer Apurna Narzary: ত্ৰিদেশীয় শৃংখলা, ছুইডেনৰ বিৰুদ্ধে খেলাৰ পিছত এইবাৰ USAৰ বিৰুদ্ধে খেলিবলৈ সাজু কোকৰাঝাৰৰ অপৰ্ণা নাৰ্জাৰী

Assam footballer Apurna Narzary: ত্ৰিদেশীয় শৃংখলা, ছুইডেনৰ বিৰুদ্ধে খেলাৰ পিছত এইবাৰ USAৰ বিৰুদ্ধে খেলিবলৈ সাজু কোকৰাঝাৰৰ অপৰ্ণা নাৰ্জাৰী

ভাৰতীয় ফুটবল দলৰ মূল ষ্ট্ৰাইকাৰ হিচাপে অপৰ্ণা নাৰ্জাৰী নিৰ্বাচিত হোৱাত উৎফুল্লিত ৰাজ্যবাসী।

ভাৰতীয় ফুটবল দলৰ মূল ষ্ট্ৰাইকাৰ হিচাপে অপৰ্ণা নাৰ্জাৰী নিৰ্বাচিত হোৱাত উৎফুল্লিত ৰাজ্যবাসী।

ভাৰতীয় ফুটবল দলৰ মূল ষ্ট্ৰাইকাৰ হিচাপে অপৰ্ণা নাৰ্জাৰী নিৰ্বাচিত হোৱাত উৎফুল্লিত ৰাজ্যবাসী।

  • Share this:
ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰিছে অসমৰ প্ৰতিভাৱান খেলুৱৈ অপৰ্ণা নাৰ্জাৰীয়ে।অসমৰ কোকৰাঝাৰ জিলাৰ অপৰ্ণা নাৰ্জাৰীয়ে ইতিমধ্যে ভাৰতীয় দলৰ জাৰ্চিৰে ইউৰোপ মহাদেশৰ ছুইডেনত উপস্থিত হৈ ঘৰুৱা দেশখনৰ বিৰুদ্ধে প্ৰথমখন খেলত অংশ লয়।

ভাৰতীয় ছিনিয়ৰ মহিলা দলৰ ষ্ট্ৰাইকাৰ অপৰ্ণা নাৰ্জাৰীয়ে শনিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে দ্বিতীয়খন খেলত অংশ ল'ব। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে পুনে শিবিৰৰ পৰা নিৰ্বাচিত কৰা দলটোৰ মূল ষ্ট্ৰাইকাৰ হিচাপে অপৰ্ণা নাৰ্জাৰী ( Apurna Narzary) নিৰ্বাচিত হোৱাত উৎফুল্লিত ৰাজ্যবাসী।

অপৰ্ণাই ইতিমধ্যে ভাৰতীয় ১৯ বছৰৰ অনূৰ্ধ্ব দলৰ (U-19 India women team) হৈ বাংলাদেশৰ প্ৰতিযোগিতাত অংশ লৈছিল। কোকৰাঝাৰৰ ফটিবালা বসুমতাৰী আৰু বিশ্বজিৎ নাৰ্জাৰীৰ কন্যা অপৰ্ণাৰ সম্বল হ'ল তেওঁৰ বল  কণ্ট্ৰলিং, ড্ৰিব্লিং আৰু শ্বুটিং।

অপৰ্ণাই ইতিমধ্যে ভাৰতীয় দলৰ হৈ ছাফ গেমছত অংশ লোৱাৰ উপৰি হিৰো ইন্ডিয়া লীগত উল্লেখনীয় প্ৰদৰ্শন দাঙি ধৰিছিল। অপৰ্ণা নাৰ্জাৰীয়ে যাতে ছুইডেনতো সফল হয় তাৰ বাবে ৰাজ্যৰ ফুটবলপ্ৰেমীয়ে ফুটবলাৰগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে।
Published by:Gautam Barman
First published: