অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ দ্বিতীয় দিনটোত মহা সংকটত অসম দল। পৰাজয়ৰ দিশে অগ্ৰসৰ হৈছে অসমৰ ছিনিয়ৰ ক্ৰিকেট দলটো। এইবাৰৰ চিজনত অসম দলে ইতিমধ্যে মুম্বাই আৰু তামিলনাডুৰ হাতত ইনিংছ ব্যৱধানত পৰাস্ত হৈছিল।

তাৰ পিছতে সম্প্ৰতি অসম আৰু অন্ধ্ৰ প্ৰদেশৰ মাজত চলি আছে ৰঞ্জী ট্ৰফীৰ চাৰিদিনীয়া খেল। অসমে টচত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম ইনিংছত মাত্ৰ ১১৩ ৰানহে সংগ্ৰহ কৰে অসম দলে। অসমৰ ১১৩ ৰানৰ প্ৰত্যুত্তৰত অন্ধ্ৰপ্ৰদেশ দলে প্ৰথম ইনিংছত ৩৬১ ৰান সংগ্ৰহ কৰে। খেলৰ দ্বিতীয় দিনা অসমে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিনটোৰ অন্তলৈ মাত্ৰ ৬২ ৰানতে ৫ টা উইকেট হেৰুৱাই। কাইলৈ দিনটো দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ। ইনিংছ ব্যৱধানত পৰাজৰ পৰা হাত সাৰিবলৈ পাচটা উইকেট হাতত থকা অসম দলক এতিয়াও লাগে ১৮৬ ৰান। অসমৰ আইপিএলৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগে (৯) দ্বিতীয় ইনিংছতো ব্যৰ্থ হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|