• Home
  • »
  • News
  • »
  • sports
  • »
  • Ranji Trophy: মুম্বাই, তামিলনাডুৰ হাতত পৰাজয়ৰ পিছত অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধেও প্ৰথম দিনা নিৰাশজনক প্ৰদৰ্শন অসমৰ ...

Ranji Trophy: মুম্বাই, তামিলনাডুৰ হাতত পৰাজয়ৰ পিছত অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধেও প্ৰথম দিনা নিৰাশজনক প্ৰদৰ্শন অসমৰ ...

টচত জয়ী হৈ প্ৰথমে বেটিং কৰি মাত্ৰ ১১৩ ৰানতে অল আউট অসম। হনুমা আৰু অভিষেকৰ অৰ্ধশতকেৰে শক্তিশালী স্থিতিত অন্ধ্ৰপ্ৰদেশ।

  • Share this:
বিচিচিআইৰ অধীনৰ প্ৰথম শ্ৰেনীৰ ৰঞ্জী ট্ৰফীৰ খেলত অসমৰ নিৰাশজনক প্ৰদৰ্শন অব্যাহত আছে। মুম্বাই আৰু তামিলনাডুৰ হাতত ইনিংছ ব্যৱধানত পৰাস্ত হোৱা অসম দলে অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধেও দুৰ্বল আৰম্ভণি কৰিছে। টচট জয় হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা অসম দলে মাত্ৰ ১১৩ ৰানতে অল আউট হয়। প্ৰথম দিনাৰ খেলৰ মাত্ৰ ৩৭.৫ অভাৰতে আত্মসমৰ্পন কৰে অসমৰ সকলো বেটছমেনে। মাত্ৰ ৪ ৰানত আউট হয় বেটিং ষ্টাৰ ৰিয়ান পৰাগ। অসমৰ ৭ গৰাকী বেটছমেনে দশকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে। অসম দলৰ বিপৰ্যয়ত ক্ষোভিত হৈছে ৰাজ্যৰ বহু প্ৰাক্তন ক্ৰিকেটাৰ। ইফালে প্ৰথম দিনাৰ অন্তলৈ হনুমা বিহাৰীৰ ৮০ আৰু অভিষেক ৰেডিৰ ৭৫ ৰানৰ সহায়েৰে অন্ধ্ৰ প্ৰদেশ দলে ৩টা উইকেট হেৰুৱাই ১৬০ ৰান সংগ্ৰহ কৰে। খেলৰ প্ৰথম দিনাৰ অন্তলৈ অন্ধ্ৰ প্ৰদেশ দলে ৪৭ ৰানৰ অগ্ৰগতি লাভ কৰে। বুধবাৰৰ দিনটো এক দিঘলীয়া ইনিংছ খেলাৰ চেষ্টা চলাব অন্ধ্ৰ প্ৰদেশ দলে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি