বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ পৰা পোৱা সন্মানৰ বাবে বক্সিং ইণ্ডিয়াক ধন্যবাদ জনাইছে লাভলীনা বৰগোহাঁয়ে।
বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ পৰা পোৱা সন্মানৰ বাবে বক্সিং ইণ্ডিয়াক ধন্যবাদ জনাইছে লাভলীনা বৰগোহাঁয়ে।
অসমৰ দুই তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই ছাৰ্বিয়াত ২১ অক্টোবৰৰ পৰা ৬ নবেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া আইবা বিশ্ব চেম্পিয়নশ্বীপলৈ যোগ্যতা অৰ্জন কৰিছে। দুবাৰৰ অলিম্পিয়ান অৰ্জুন বঁটা বিজয়ী শিৱ থাপাই ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বীপত স্বৰ্ণপদক অৰ্জনেৰে বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিছে। আনহাতে, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা অৰ্জুন বঁটা বিজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে টকিঅ’ত দেখুওৱা সফলতাৰ বাবে তেওঁক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপ নেখেলাকৈয়ে সন্মানৰ পৰিচয় হিচাপে পোনে পোনে ছাৰ্বিয়াৰ বিশ্ব বক্সিঙলৈ যাবলগীয়া ভাৰতীয় দলত স্থান দিছে।
বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ পৰা পোৱা সন্মানৰ বাবে বক্সিং ইণ্ডিয়াক ধন্যবাদ জনাইছে লাভলীনা বৰগোহাঁয়ে। সম্প্ৰতি বাংগালুৰুত কঠোৰ অনুশীলনত ব্যস্ত থকা লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই ছাৰ্বিয়াত অনুষ্ঠিত হ’বলগীয়া আইবা বিশ্ব বক্সিঙত পদক লাভৰ বাবে আপ্ৰাণ চেষ্টা চলাব। ভাৰতীয় বক্সিঙৰ অধ্যক্ষ অজয় সিং আৰু সচিব প্ৰধান হেমন্ত কলিতাই অসমৰ দুয়োগৰাকী খেলুৱৈকে অভিনন্দন জ্ঞাপন কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|