মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Lovlina Borgohain : বিশ্ব মহিলা বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ দুই তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱে

Lovlina Borgohain : বিশ্ব মহিলা বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ দুই তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱে

দুয়োগৰাকী সফল খেলুৱৈৰ মূল লক্ষ্য হ’ল তুৰস্কৰ বিশ্ব বক্সিঙৰ স্বৰ্ণ পদক অৰ্জন কৰাটো।

দুয়োগৰাকী সফল খেলুৱৈৰ মূল লক্ষ্য হ’ল তুৰস্কৰ বিশ্ব বক্সিঙৰ স্বৰ্ণ পদক অৰ্জন কৰাটো।

দুয়োগৰাকী সফল খেলুৱৈৰ মূল লক্ষ্য হ’ল তুৰস্কৰ বিশ্ব বক্সিঙৰ স্বৰ্ণ পদক অৰ্জন কৰাটো।

  • Share this:
তুৰস্কৰ ইণ্টাৰনেচনেল বক্সিং এছ’চিয়েচনৰ বিশ্ব মহিলা বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ দুই তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱে। ২০২০ৰ টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু পূৰ্বৰ ইউথ ৱৰ্ড চেম্পিয়ন অসমীয়া বক্সাৰ অংকুশিতা বড়োৱে ৬ মে’ৰ পৰা ২১ মে’লৈ তুৰস্কৰ মূল চহৰ ইষ্টানবুলত অনুষ্ঠিত হ’বলগীয়া বিশ্ব মহিলা বক্সিঙলৈ যোগ্যতা অৰ্জন কৰাত উৎফুল্লিত অনুভৱ কৰিছে।

দুয়োগৰাকী সফল খেলুৱৈৰ মূল লক্ষ্য হ’ল তুৰস্কৰ বিশ্ব বক্সিঙৰ স্বৰ্ণ পদক অৰ্জন কৰাটো। যাৰ বাবে দুয়োনতুন দিল্লীৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত সৰ্বোচ্চ উজাৰি খেলিছিল। একেখন প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে নিকাট জাৰিন আৰু পূজা ৰাণীয়েও।

লাভলীনা বৰগোহাঁয়ে মহিলাৰ ৬৯ কেজি শাখাত আৰু অংকুশিতা বড়োৱে মহিলাৰ ৬৬ কেজি শাখাত বিশ্ব বক্সিঙত অংশ ল’ব। অসমৰ দুয়োগৰাকী সফল খেলুৱৈয়ে বিশ্ব মহিলা বক্সিঙৰ লগতে আগন্তুক কমনৱেলথ গেমছ আৰু এছিয়ান গেমছৰ বাবেও মনোনিৱেশ কৰিছে।

শেহতীয়া বাতৰি