உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IBA বিশ্ব মহিলা বক্সিং ২০২২ৰ পৰা অসমৰ লাভলিনা বৰগোহাঁই, অংকুশিতা বড়োৰ বিদায়

    IBA বিশ্ব মহিলা বক্সিং ২০২২ৰ পৰা অসমৰ লাভলিনা বৰগোহাঁই, অংকুশিতা বড়োৰ বিদায়

    Women's World Boxing C'Ship: পোলেন্ডৰ আনেতা ৰাজেলেছকাৰ হাতত ৫-০ ব্যৱধানত পৰাস্ত হয় অংকুশিতা বড়ো

    Women's World Boxing C'Ship: পোলেন্ডৰ আনেতা ৰাজেলেছকাৰ হাতত ৫-০ ব্যৱধানত পৰাস্ত হয় অংকুশিতা বড়ো

    Women's World Boxing C'Ship: পোলেন্ডৰ আনেতা ৰাজেলেছকাৰ হাতত ৫-০ ব্যৱধানত পৰাস্ত হয় অংকুশিতা বড়ো

    • Share this:
    তুৰস্কৰ মূল চহৰ ইষ্টানবুলত সম্প্ৰতি পূৰ্ণগতিত চলি আছে IBA বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ ২০২২। বিশ্বৰ মহিলা বক্সিঙৰ সৰ্বশ্ৰেষ্ঠ মহাযুদ্ধখনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সৌভাগ্য হৈছিল অসমৰ দুগৰাকী খেলুৱৈ ক্ৰমে লাভলিনা বৰগোহাঁই আৰু অংকুশিতা বড়োৰ।

    ৬৯ কেজি শাখাত লাভলিনা বৰগোহাঁয়ে প্ৰথম ৰাউন্ডত চীন টাইপেৰ শক্তিশালী প্ৰতিদ্বন্দ্বী ইন চিয়নৰ বিৰুদ্ধে জয়ী হ'লেও পৰৱৰ্তী ৰাউণ্ড FCTৰ কিনডি নাগামবাৰ হাতত ৪-১ ব্যৱধানত পৰাস্ত হয়। টকিঅ' অলিম্পিকৰ পদক বিজয়ী লাভলিনা বৰগোহাঁইৰ বিদায়ৰ পিছত সকলো অসমবাসীৰে আশা আছিল প্ৰথম ৰাউণ্ডত বাই পোৱা অংকুশিতা বড়োৰ ওপৰত।

    কিন্তু সকলোকে হতাশ কৰি ৬৬ কেজি শাখাত অংকুশিতা বড়োৱেও (Ankushita Bodo) দেওবাৰে প্ৰতিদ্বন্দ্বী  পোলেন্ডৰ আনেতা ৰাজেলেছকাৰ হাতত ৫-০ ব্যৱধানত পৰাস্ত হয়। লাভলিনা বৰগোহাঁই (Boxer Lovlina Borgohain) আৰু অংকুশিতা বড়োৱে প্ৰতিযোগিতাৰ পৰা বিদায় ল'লেও বিশ্ব চেম্পিয়নত অগ্ৰগতি লাভ কৰি আছে ভাৰতৰ মহিলা বক্সাৰ অনামিকা, নিকাট জাৰিন, জেছমিন লামবৰিয়া আৰু পাৰভিনে।
    Published by:Gautam Barman
    First published: