অসমৰ খেলৰ বাবে সু-খবৰ। আন্তঃৰাষ্ট্ৰীয় প্ৰতিভাৱান বক্সাৰ যমুনা বড়োৱে পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় বক্সিঙত সফলতা অৰ্জন কৰিছে। বিশ্বৰ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় Elorda Cupত ৰূপৰ পদক লাভ কৰিছে অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৱে।
কাজাখাস্তানৰ ৰাজধানী চহৰ নুৰ চুলতানত অনুষ্ঠিত হোৱা খেলত মহিলাৰ ৫৪ কেজি শাখাত দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় পূৰ্বৰ আইবা বিশ্ব বক্সিঙৰ ব্ৰঞ্জৰ পদক বিজয়ী যমুনা বড়োৱে।
ঢেকিয়াজুলিত জন্মগ্ৰহণ কৰা যমুনা বড়োৱে (Jamuna Boro) আগন্তুক ২০২৪ চনৰ পেৰিচ অলিম্পিক গেমছত অংশগ্ৰহণেৰে পদক লাভ কৰিব বিচাৰে। সেয়ে অলিম্পিক গেমছৰ পূৰ্বে এই সফলতাক সম্বল হিচাপে লৈ আগবাঢ়িছে যমুনা বড়ো।
যমুনা বড়োৱে কাজাখাস্তানৰ বক্সিঙত (Elorda Cup 2022 boxing) ৰূপৰ পদক লাভ কৰাত সুখী। যমুনা বড়োক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ঢেকিয়াজুলিৰ বিধায়ক মন্ত্ৰী অশোক সিংহালে অভিনন্দন জনাইছে। ৮ জুলাইত দিল্লীত আহি উপস্থিত হ'বলগীয়া যমুনাই দুদিনৰ বাবে গুৱাহাটীলৈ আহিব।
Published by: Gautam Barman
FIRST PUBLISHED : July 05, 2022, 00:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।