মুকবধিৰ খেলুৱৈ অভিনন্দন গোস্বামীয়ে দক্ষিণ আমেৰিকাৰ ব্ৰাজিলত ১ মে’ৰ পৰা ১৫ মে’লৈ অনুষ্ঠিত হ’বলগীয়া বধিৰ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে।
মুকবধিৰ খেলুৱৈ অভিনন্দন গোস্বামীয়ে দক্ষিণ আমেৰিকাৰ ব্ৰাজিলত ১ মে’ৰ পৰা ১৫ মে’লৈ অনুষ্ঠিত হ’বলগীয়া বধিৰ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে।
অসমৰ ক্ৰীড়া জগতলৈ সু- খবৰ। অসমৰ সফল ৰাষ্ট্ৰীয় পৰ্যায়ৰ বধিৰ খেলুৱৈ অভিনন্দন গোস্বামী। মুকবধিৰ খেলুৱৈ অভিনন্দন গোস্বামীয়ে দক্ষিণ আমেৰিকাৰ ব্ৰাজিলত ১ মে’ৰ পৰা ১৫ মে’লৈ অনুষ্ঠিত হ’বলগীয়া বধিৰ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। ৱেলটাৰ ৱেটৰ সফল টাইকোৱানডো খেলুৱৈ অভিনন্দনে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰত অনুষ্ঠিত যোগ্যতা নিৰ্ণকাৰী প্ৰতিযোগিতাৰ পৰাই নিৰ্বাচিত হৈছে বিশেষ অলিম্পিকলৈ। অভিনন্দন গোস্বামীৰ বাবেই আজি গৌৰৱান্নিত দেশৰ লগতে ৰাজ্যবাসী।
পিতৃ নিৰঞ্জন গোস্বামীয়ে ও অভিনন্দনক লৈ যথেষ্ট আশাবাদী। গুৱাহাটীৰ খেলুৱৈ অভিনন্দন গোস্বামীক সৰুতে পিতৃ–মাতৃয়ে মহানগৰীৰে চৰকাৰী চেৰাউগী ভাওৰিদেৱী মুকবধিৰ বিদ্যালয়ত নাম লগাই দিছিল। স্কুলৰ পঢ়া–শুনাৰ লগতে ছাই খেলপথাৰত টাইকোৱানডো খেল খেলিছিল প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে। ক্ৰমান্বয়ে সফল খেলুৱৈলৈ পৰ্যবশিত হোৱা অভিনন্দনে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতাৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ৰাজ্যবাসীয়ে এতিয়া অভিনন্দন গোস্বামীৰ জৰিয়তে দেখিছে বধিৰ অলিম্পিক গেমছৰ এটা স্বৰ্ণপদকৰ সপোন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|