মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Asian Kho Kho Championship 2023 : কাইলৈৰ পৰা তামুলপুৰত এছিয়ান খো খো চেম্পিয়নশ্বিপ, দলত স্থান লাভ দুই অসমীয়া খেলুৱৈৰ

Asian Kho Kho Championship 2023 : কাইলৈৰ পৰা তামুলপুৰত এছিয়ান খো খো চেম্পিয়নশ্বিপ, দলত স্থান লাভ দুই অসমীয়া খেলুৱৈৰ

কাইলৈ দিনৰ ১ বজাত শুভাৰম্ভ হ'ব এই প্ৰতিযোগিতা ৷

কাইলৈ দিনৰ ১ বজাত শুভাৰম্ভ হ'ব এই প্ৰতিযোগিতা ৷

কাইলৈ দিনৰ ১ বজাত শুভাৰম্ভ হ'ব এই প্ৰতিযোগিতা ৷

  • Share this:
তামুলপুৰত কাইলৈ অনুষ্ঠিত হ'ব চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ। সংবাদমেল যোগে ঘোষণা কৰা হৈছে খো খো চেম্পিয়নশ্বিপৰ ভাৰতীয় দল। ভাৰতীয় দলত অসমৰ তামুলপুৰৰ ৰঞ্জনা শৰণীয়া আৰু সোণাপুৰৰ তীৰ্থ ডেকাই লাভ কৰিছে স্থান (Asian Kho Kho Championship 2023)।

ভাৰতীয় খো খো ফেডাৰেচনৰ সংবাদ মেল সম্বোধন কৰে সভাপতি সুধাংশু মিট্টালে। মিট্টালে সংবাদমেলযোগে ঘোষণা কৰে পুৰুষ মহিলা দুয়োটা দল ৷

মহিলা দলত ১৫ গৰাকী খেলুৱৈৰ নাম ঘোষণা কৰে ফেডাৰেচনে ৷ ইয়াৰ লগতে পুৰুষৰ দলতো থাকিব ১৫গৰাকী খেলুৱৈ। পুৰুষৰ খো খো দলত সোণাপুৰৰ তীৰ্থ ডেকাই স্থান লাভ কৰাৰ লগতে মহিলা দলত তামুলপুৰৰ ৰঞ্জনা শৰণীয়াই স্থান পাইছে৷

উল্লেখ্য, মুঠ ৯খন দেশে অংশগ্ৰহণ কৰিব এছিয়ান খো খো চেম্পিয়নত। মুঠ পুৰুষ-মহিলাসহ ষোল্লটা দলে অংশগ্ৰহণ কৰিব। কাইলৈ দিনৰ ১ বজাত শুভাৰম্ভ হ'ব এই প্ৰতিযোগিতা ৷

শেহতীয়া বাতৰি