বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / ক্ৰীড়া / Jayanta Talukdar : এছিয়া কাপৰ স্বৰ্ণজয়ী জয়ন্ত তালুকদাৰক গুৱাহাটীত সম্বৰ্ধনা, পৰৱৰ্তী লক্ষ্য ২০২৪ চনৰ পেৰিছ অলিম্পিক

Jayanta Talukdar : এছিয়া কাপৰ স্বৰ্ণজয়ী জয়ন্ত তালুকদাৰক গুৱাহাটীত সম্বৰ্ধনা, পৰৱৰ্তী লক্ষ্য ২০২৪ চনৰ পেৰিছ অলিম্পিক

Jayanta Talukdar : এছিয়া কাপৰ স্বৰ্ণজয়ী জয়ন্ত তালুকদাৰক গুৱাহাটীত সম্বৰ্ধনা, পৰৱৰ্তী লক্ষ্য ২০২৪ চনৰ পেৰিছ অলিম্পিক

অলিম্পিয়ান জয়ন্ত তালুকদাৰক সম্বৰ্ধনা জনায় অসম আৰ্চাৰী সন্থাই।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

অসমৰ অলিম্পিয়ান জয়ন্ত তালুকদৰে উজবেকিস্তানৰ এছিয়া কাপত চেম্পিয়নৰ পিছত মঙলবাৰে এদিনৰ বাবে গুৱাহাটীত আহি উপস্থিত হয়। অৰ্জুন বঁটা বিজয়ী জয়ন্ত তালুকদাৰৰ এছিয়া কাপৰ খিতাপৰ বাবে তেওঁক অসম আৰ্চাৰী আৰু অসম হকী সন্থাই সম্বৰ্ধনা জনায়।

অলপতে অনুষ্ঠিত এছিয়া কাপৰ আৰ্চাৰীত চীনক হৰুৱাই জয়ন্ত তালুকদাৰৰ নেতৃত্বত ভাৰতে স্বৰ্ণপদক লাভ কৰে। কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত পদক অৰ্জন কৰা অসমৰ একমাত্ৰ খেলুৱৈ জয়ন্ত তালুকদাৰৰ পৰৱৰ্তী লক্ষ্য হ’ল চীনৰ এছিয়ান গেমছ আৰু পেৰিছ অলিম্পিক গেমছৰ স্বৰ্ণ পদক।

বিজ্ঞাপন

সফল খেলুৱৈ জয়ন্ত তালুকদাৰক ক্ৰীড়া সঞ্চালক প্ৰদীপ তিমুং আৰু ছাত্ৰ ক্ৰীড়া কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামী আৰু অসম আৰ্চাৰী সন্থাৰ হৈ ভাৰপ্ৰাপ্ত সভাপতি জয়ন্ত বড়োৱে অভিনন্দন জনায়।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
Tags: assam , Sports
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন